Tuesday, March 28, 2017

আজি

আজি

আজি দিনটো ভালকৈ নগ'ল ,
আজি তোমাক এবাৰো  জোকোৱা নহ'ল  ।

আজি কথা এটা হ'ল,
তোমাক কথা দিওঁ কথাটো ৰখা নহ'ল ।

আজি আমি এপাক ওলাই যোৱাৰ কথা আছিল ,
সন্ধিয়াটো দুহাতত হাত থৈ কটোৱাৰ কথা আছিল ।

আজি বেলিৰ পোহৰ নোলাই বুলি পুৱাই গম পাই,
দুয়ো দুপৰীয়া বৰষুণত একেলগে
তিতাৰ কথা আছিল ।

আজি দুয়ো কফি একাপ খাই খাই কথাৰ নদী এখনি বোৱাই দিয়াৰ কথাইটো আছিল ।

পিছে নহল ,
আজিৰ দিনটো ভালকৈ নগ'ল ।

''আজি'টো মোৰ বাবে আজি
এক নিৰ্বাচনী মেনু ফেষ্টুৰ
দৰেহে  হৈ  গল  ।

অলেখ পৰিকল্পনা কৰিও অৱশেষত
সেইবোৰ পূৰ্ণ কৰিব পৰা নহ'ল ।

প্ৰাণজিৎ বৰুৱা


No comments :

Post a Comment