Sunday, July 26, 2015

তহঁত গাঁৱৰ মানুহ বুজি নাপাবি চহৰৰ কথা...

তহঁত গাঁৱৰ মানুহ বুজি নাপাবি চহৰৰ কথা...

তহঁত গাঁৱৰ মানুহ,
চিনি পাৱ খেতি খোলা পথাৰৰ কথা,
তহঁত গাঁৱৰ মানুহ
বুজি নাপাবি চহৰৰ শাক পাছলিৰ বজাৰৰ মুল্য বিস্ফোৰণৰ কথা...

তহঁত গাঁৱৰ মানুহ,
জান তহঁতে
পুঠি  খলিহনা শ'ল শিঙিৰ সোৱাদৰ কথা,
তহঁত গাঁৱৰ মানুহ
বুজি নাপাবি চহৰৰ মাছৰ বজাৰত অন্ধ্ৰৰ চালানী ৰৌৰ  অযথা দৰদামৰ কথা,

তহঁত গাঁৱৰ মানুহ,
বুজ তঁহতি মিটিৰ কুটুম গাঁৱৰ একতা তথা সমাজ কি,
তহঁত গাঁৱৰ মানুহ
চহৰত মাক দেউতাককো বোঁজা ভাবি বৃদ্ধাশ্ৰমত ৰখাৰ  বেদনা নুবুজিবি,

তহঁত গাঁৱৰ মানুহ...
নদী আছে পুখুৰী আছে ,
আছে খাল বিল,

আমি চহৰৰ মানুহ ,
চুইমিং পুল আছে, গেলা নৰ্দমা আছে,
কেইটামান পুখুৰী আছে
ৰজাই খন্দাইছিল...!

তহঁত গাঁৱৰ মানুহ বাহিৰে ভিতৰে একে,
আমি চহৰৰ মানুহ আমাৰ দুখন মুখ থাকে,

তহঁত গাঁৱৰ মানুহ খাবলৈ কম পাৱ বেছি কৰ কষ্ট ,
আমি চহৰৰ মানুহ খাই খাই বেমাৰত শৰীৰ কৰোঁ নষ্ট ।

তহঁত গাঁৱৰ মানুহ,
তহঁতৰ টোপনি বেছি,
নুবুজ তহঁতে চহৰত টোপনিহীন
ৰাতিবোৰ
ব্যস্ততাই  ৰাখে কিয় হেঁচি ।

তহঁত গাঁৱৰ মানুহ নুবুজ বহুত কথা,
দেখা নাই বহু ঘটনা,
তহঁতি তেনেই সৰল...

তহঁত গাঁৱৰ মানুহ
পাৰ যদি চহৰীয়া নহবি কেতিয়াও ,
চহৰৰ জীৱন মানেই কৃত্ৰিমতাৰ গৰল...

হয় তহঁত গাঁৱৰ মানুহ বহু কথাই বুজি নাপাবি
মোৰ অনুৰোধ পাৰ যদি এইবোৰ নুবুজাকেই থাক...
সুখী হৈ ৰবি !!

প্ৰাণজিৎ বৰুৱা
২৫ /৭/২০১৫


No comments :

Post a Comment