পাগলী ...
পাগলী অ পাগলী,
কত গলি,
বহুত দিন তোৰ উৱাদিহ নাই,
দুচকু সেমেকাই,
কাৰ বুকুত বা সোমালি...
আহাৰ শেষ ,
এইয়া শাওন সোমাই ,
তোৰ চোন তথাপি কোনো খবৰেই নাই...
কি নো অভিমান তোৰ,
ইমান ঠেঁহ ভাল নালাগে অ মোৰ...
সঁচাই কৈছো অ,
কঠাল গুটি , দৰিকনা পোৱালি ,
ঢেকীয়া শাকৰ শপত,
পাগলী তই যে এইবোৰ বৰ ভাল পাইছিলি ...
আৰু বৰষুণ !
আস কিমান যে হেঁপাহ আছিল তোৰ বৰষুণত তিতাৰ,
বৰষুণত ভিজি সৰু হৈ পৰাৰ ,
আৰু বৰশী,
কেঁচু চুবলৈ ভয় কৰি ময়দাৰে বৰশী বোৱাৰ...
এটা পুঠি মাছ উঠোতেই কিৰিলিত কাণৰ মাকৰি যে সৰাইছিলি ,
আছে ?
আছেনে মনত তোৰ পাগলী ...!
পাগলী
বহুত দিন শুনা নাই তোৰ মুখৰ গালি,
পাগলী
বহুত দিন দেখা নাই তোৰ এজাৰ ফুলীয়া হাঁহি,
পাগলী অ
মোৰ বুকুখন এতিয়া তেনেই খালি...!
পাগলী আহ চোন ,
উভতি আহ,
মই কি ভুল কৰিলোঁ তাকেই বুজাই দে,
মোক গালি পাৰি পাৰি তোৰ সকলো অভিমান শেষ কৰি দে,
পাগলী লাগিলে
মোক কাণত ধৰাই ভুলৰ সৈ কঢ়াই ল,
লাগিলে কিবা এটা জৰিমনা ল,
পাগলী শুনিছনে...
উভতি আহছোন আহনা,
মই যে কান্দিব নোৱাৰি কেনেকৈ ছট ফটাও তইটো বুজিছিলি ,
এতিয়াও তেনেকুৱাই অ পাগলী ,
তই নাই মোৰ বুকুখন তেনেই খালী ,
আহ পাগলী বুকু উদং কৰি এনেকৈ যাব নাপায় ,
দোষ লাগিব,
আহ পাগলী আহ...
ঘুৰি আহ...
ঘুৰি আহ...
প্ৰাণজিৎ বৰুৱা
২৩ জুলাই ২০১৫
No comments :
Post a Comment