Saturday, November 7, 2015

ওলা পাগলীৰ অকুমলৈ যাওঁ ...!!

ওলা পাগলীৰ 'অকুম'লৈ যাওঁ ...!!

তুলবুল তুলবুল সোৱণশিৰিৰ নাও,
ওলা আমি পাগলীৰ "অকুম"লৈ যাওঁ ...
হাত মেলি মেলি ,
পানী খেলি খেলি ,
নাৱৰীয়া গাই যা নিঃতম এটি,
দুৰৈত সেয়া চা
পাগলীৰ তাঃত'ই কৰা সৰিয়হৰ খেতি...

পাগলীয়ে বাকে পৰঃ আপং,
কয় খাই যা মিপাক ,
আপংখালে তহঁতৰ
কটা নাযায় দে নাক ...

কি যে !!
পাগলীৰ অভিমানৰ নিচা
আপংতকৈও বেছি,
আৰু হাঁহিটোৰ চোকে
যে ধৰে কেনেকৈ
হেঁচি...

পাগলী তেনেই হোজা ,
গাঁৱৰ আকৰী কনেং ,
তাইক বৰ ধুনীয়া লাগে
যেতিয়া পিন্ধে তাই  ৰিঃবি গাচেং ...

আস তাইৰ যে
কি সৰলমনা মাত,
শুনিলেই কলিজা পৰি যায়  শাত...
লচ পচীয়া পাগলীক দেখি
কিমান  যে ডেকাৰ বুকু ইচাত বিচাত !

পাগলীৰ প্ৰেমত নপৰোঁ
বুলিও পৰি যায় সকলো,
পাগলী যে হয়েই তেনেকুৱা ,
আলফুল
কিবা এটা  কলিজা খোৱা...

সেই পাগলী আজিকালি
অলপমান গহীন হৈ পৰিল,
তাইৰ হাঁহি বোৰো  যে অকালতে মৰহিল...

পাগলীৰ গাত দোষনো  কি ?
পাগলীৰ আজলী মনে  যে বুজি নাপাইছিল
ধুনীয়া ডেকাৰ মন ভোলোৱা চালাকি...

এতিয়া পাগলীৰ কাৰোৰে ওপৰত
বিশ্বাস নাই
যি বা আছিল একোজন ,
পাগলীয়ে দিয়া বুকুৰ উম লৈ
সি যে নিখোজ হ'ল
কেতিয়াবাই !!!
...
...
কাম কৰিবলৈ কেতিয়াও ভয় নকৰা পাগলীয়ে
এতিয়া
প্ৰেম , ভালপোৱালৈ বিৰাট  ভয় কৰে...

তাই হাঁহি হাঁহি আমাক  প্ৰেমৰ পাঠ পঢ়াই
কয়
জীৱনত সকলো কৰিবি ভাই
কিন্তু কেতিয়াও কাকো কলিজাত নিদিবি অ' ঠাই...!!

আস কি যে !
কথা কয় তাই...
সঁচাই
পাগলীৰ কথা বোৰে তেতিয়াৰ দৰে,
এতিয়াও বুকু  চুই যায় ...

তুলবুল তুলবুল সোৱণশিৰিৰ নাও,
ওলা ,ওলা ...
সঁচা সঁচা  কথা শুনিবলৈ
আমি পাগলীৰ "অকুম"লৈ যাওঁ ...!!

--প্ৰাণজিৎ বৰুৱা
৭ নৱেম্বৰ ২০১৫


No comments :

Post a Comment