মা...
মোৰহে বুকুত বিষ,
গোটেই ৰাতি তেওঁৰ বিচনাত উচ পিছ ...
মা ...
মোৰহে তপত কপাল,
চিন্তাতে তেওঁৰ দেখোন টোপনি ঢুকাল ...
মা ...
মোৰহে পৰীক্ষা ,
তেওঁৰ গোটেই দিন জোৰা ইমান উৎকন্ঠা !
মা ...
মোৰ টোপনি অহা নাই,
তেওঁ নিচুকনি গাই ...!
মা ...
মোৰ পেটে ভোকত কলমলাই,
তেওঁ আগতীয়াকৈয়ে সকলো যতনাই ।
মা ...
আৰু বিশেষ কব লগা নাই,
মৰম নামৰ নদী এখন হৈ,
সকলো দুখ বুকু পাতি লৈ...
বুকুৱেদি উজাই ভটিয়াই ,
মা
এনেকৈ নিৰৱেই
বৈ যায় বৈ যায় বৈ যায় ...!!!
প্ৰাণজিৎ বৰুৱা
৫/২/১৬
No comments :
Post a Comment