Thursday, October 9, 2014

##আপুনি চহৰৰ ছোৱালী সেয়ে আপোনাৰ তেজ ৰঙা বাকীবোৰৰ বগা...##

আপুনি চহৰৰ ছোৱালী সেয়ে আপোনাৰ তেজ ৰঙা বাকীবোৰৰ বগা...

এনেকৈ নাভাবিব ভুলতো... !

নাভাবিব আপোনাৰ মখমলি মুখত দামী দামী প্ৰসাধন সানে বাবেই
আপুনিয়েই পৃথিৱীৰ সবাতোকৈ সুন্দৰী বুলি...
নাভাবিব কেতিয়াওঁ ,
ভুলতো নাভাবিব !

আপুনি নাহাঁহিব কেতিয়াওঁ গাঁৱৰ
মানুহক গাঁৱলীয়া বুলি,
পুতৌ নকৰিব কোনো খেতিয়কক দুখীয়া বুলি।
লেতেৰা বুলি কেতিয়াও নকব গাঁৱৰ মাটি, পানী, ধূলিক।

আপুনি চহৰৰ ছোৱালী সেয়ে নাভাবিব আপোনাৰ তেজ ৰঙা আৰু আমাৰ বগা বুলি।

আপুনি ভাল পাব পাৰে আপোনাৰ ৰুম ফ্ৰেচনাৰ বোৰক,
সেইবুলিয়ে আপুনি কিন্তু  ভুলতো ঘিন নকৰিব গাঁৱৰ সন্ধিয়াৰ গো  -ধূলিবোৰক।

আপুনি পুহিব পাৰে দামীতকৈ দামী বিলাতী কুকুৰ,খুৱাব পাৰে দামী খানা।
সেইবুলিয়েই ভুলতো নাহাঁহিব আমি পোহা গৰু,ছাগলী,হাঁহ,কুকুৰাবোৰ দেখি,
     -"কি যে আউটদেটেড জমানা..."
নাহাঁহিব এনেকৈ ... কেতিয়াওঁ!!

আপুনি ধান ৰোৱা
ৰোৱনিবোৰক চাই মুখ নোকোচাব,
ডাঙৰি কঢ়িওৱা ডেকাজনক ঠাট্টা নকৰিব,

মনত ৰাখিব
যি দিনাই তেওঁলোকে এইবোৰ কৰা এৰি দিব ,
আপুনি কিন্তু লঘোনে ভোকেই মৰিব লাগিব।

সেইয়ে কৈছো নাঁহাহিব কেতিয়াওঁ
খেতিয়কক দুখীয়া বুলি।

আপুনি চহৰৰ ছোৱালী  সেইবুলিয়েই অহংকাৰী হৈ নপৰিব।

আপোনাৰ ইংৰাজী কোৱাৰ ষ্টাইল,
বিউটি পাৰ্লাৰৰ আশীষত ,
আপুনি যথেষ্ট ধুনীয়া ,এট্ৰেক্টিভ হ'ব পাৰে...

বহুতৰ স্ৱপ্নৰ নায়িকা হ'ব পাৰে আপুনি,
সেইবুলি নিজকে বেলেগ গ্ৰহৰ প্ৰানী বুলি  ভুলতো নাভাবিব।

জানেনে ,
আপুনি কৰা সকলোবোৰ কাম
  গাঁৱৰ ছোৱালীবোৰে বাওঁ হাতেৰেই কৰি দিব।
আপুনি কিন্তু তেওঁলোকৰ বুঢ়া আঙুলীৰ জোৰো লব নোৱাৰে,

কৰাটো বাদেই আপুনি ভাবিবও নোৱাৰে... !

সেয়েহে কৈছো অহংকাৰ বেছি নকৰিব,

আপুনি চহৰীয়া ছোৱালী বুলিয়েই
আপোনাৰ তেজ ৰঙা আৰু বাকীবোৰৰ বগা !!

এনেকৈ ভুলতো নাভাবিব
কেতিয়াও
আপোনাৰ তেজৰেই শপত...!!!

(c) প্ৰাণজিৎ বৰুৱা
     ০৫/০২/২০১৪
ফোন 9706129369


No comments :

Post a Comment