(কালি মোৰ কবিতা এটা পঢ়ি বা এজনীয়ে ছোৱালী বিলাকক লৈও কিবা এটা লিখিবলৈ কলে...
অলপ hints ও দিলে...
তাকে মিলাই মেলি এজনী ছোৱালী প্ৰাণজিৎ হৈ লিখি চালো অনুভৱ এটা ...
কিমান সফল হলো নাজানো আৰু :-\ :-) :-D
(এজনী ছোৱালীৰ দৃষ্টিভংগীত )
সপোন কোঁৱৰ এজন লাগে ...
বাটলৈ ওলাই যাওঁ
যেতিয়া
বৰ্ষাসিক্ত কোনো আবেলি...
সদায়েই বাট চাওঁ...
কৰবাত কিজানি সপোন কোঁৱৰ জনক দেখাই পাওঁ...
আমাৰ সপোন কোঁৱৰো আহিব,
দুহাতত হাত থৈ হাঁহিব,
কৰবাত যাওঁ বলা,
কে এফ চি, বিগ বজাৰ,
দীঘলী পুখুৰী পাৰ
কোৱা কত যাবা...
এনেকৈ এবাৰ সুধিব !
এনেতে এজাক শীতল বতাহ বলিব ,
হঠাতে চিপ চিপিয়া বৰষুণ এজাকে ধুই নিব চহৰ খন...
চঞ্চলা হৈ পৰিব আমাৰ মন...
এটা ছাতি আৰু মানুহ দুজন,
বাহ কি যে ৰোমাণ্টিক ক্ষণ...!
সপোন কোঁৱৰ তুমি
বাৰু আছা কত ...?
জানা যেতিয়া হাঁহি হাঁহি ৰুমমেট ব্যস্ত থাকে ফোনত,
আমাৰো যে ইৰ্ষাই বাহ বান্ধে মনত...
যেতিয়া পঢ়ি উঠো
ফাইভ পইন্ট চাম ৱান...
হৃদয়তো চোন বাঢ়ি আহে যৌৱনৰ পাৰ ভঙা বান...
কাৰোবাৰ কান্ধত হাত থৈ বাইকৰ পিছত বহি যোৱাৰ,
ৰাষ্টাৰ কাষত বেছি জ্বলা দিয়া ফুচকাৰ সোৱাদ লোৱাৰ,
ঘন্টা ঘন্টা জোৰা কথা পতাৰ,
ঠেঁহ পতাৰ ,
মিঠা আব্দাৰ কৰাৰ হেঁপাহ যে আমাৰো জাগে ...
মাথোঁ আমাৰ কথাই চিন্তা কৰা,
কেয়াৰ লোৱা,
মৰম কৰা,
একোজন সপোন কোঁৱৰ আমাকো লাগে...!
কত আছা নাজানো সপোন কোঁৱৰ...
বাহিৰত নেদেখাওঁ যদিও,
কোনো সপোন কোঁৱৰৰ অভাৱতে ,
ভিতৰি ভিতৰি আমাৰ হৃদয় খনেও দেখোন কান্দে...
লাগে বুজিছা ...
সপোন কোঁৱৰ এজনক
দিঠকত যে
সঁচাকৈয়ে লাগে ...!
--প্ৰাণজিৎ বৰুৱা
২৬ আগষ্ট ২০১৪
No comments :
Post a Comment