চাৰিটা স্তৱক তোমাৰ
(ভালপোৱাৰ) বাবে ...
(১)
মোৰ কবিতাত ফুল নুফুলে
ফুলে তোমাৰ হাঁহি,
তোমাৰ হাঁহিত এজাক শব্দই কলমৰ আগত বহেহি আহি ।
(২)
মোৰ মনে উচ পিছ কৰে
তোমাৰ চঞ্চলা মাতত,
জানা সদায়েই তোমাৰ
অগা দেৱা
শেষ ৰাতিৰ মোৰ সপোনৰ
বাটত ।
(৩)
শৰতৰ শেৱালী আহিনৰ কুঁৱলী
মোৰ কিমান প্ৰিয় তুমিটো জানা,
আৰু তোমাৰ মেঘালী চুলি লাৱনী খোজে যেন কৰে মোক তাতোকৈ বেছি উন্মনা ।
(৪)
ক্ৰমশঃ
তুমি যিমানেই আতৰি যোৱা,
মোৰ সিমানেই হেঁপাহ তোমাক কাষত পোৱাৰ,
নাজানো কিহৰ উন্মাদনা এইয়া !
মোৰ বাবে এইয়াই জীৱন,
এইয়াই আশা,
হয়তো
সপোনো এইয়াই,
আমৃত্যু তোমাক এনেদৰেই ভালপোৱাৰ ...!
--প্ৰাণজিৎ বৰুৱা
৬/১১/১৪
No comments :
Post a Comment