Sunday, December 14, 2014

সোণত সুৱগা চৰিব...

সোণত সুৱগা চৰিব...

সোণত সুৱগা চৰিব
যদি আপোনাৰ প্ৰিয় ৰঙ বেঙুনীয়া ,
আপোনাৰ প্ৰিয় শব্দ মা,
প্ৰিয় খাদ্য ভোকৰ এসাজ,
প্ৰিয় দৃশ্য কোনোবা সলজ্জ গাভৰুৰ মিঠা লাজ...!

সোণত সুৱগা চৰিব
যদি আপুনি গান শুনি
বহুতেই ভাল পায়,
গানৰ তালে তালে আপোনাৰো সুৰ মিলাই গাই যাবৰ মন যায়...

ভাল লাগিব যদি আপোনাৰো শুনি ভাল লাগে শিশুৰ ফুটো নুফুটো মাত,
ভাল লাগিব  যদি আপোনাৰো ভাল লাগে গৈ কাৰোবাৰ  হাতত হাত ধৰি এটা নিৰ্জন বাট ।

আৰু ??
আৰু যদি আপুনিও কথা পাতি ভাল পায়,
অবিৰাম
হাঁহি ভাল পায়,
অলপ শোক লাগিলে অনৰ্গল চকুলো ওলাই ...
সঁচাই কৈছো
সোণত সুৱগা চৰিব ।

কিন্তু কেতিয়াবা
আপোনাৰ যদি শিশু শ্ৰমিক দেখি সঁচাকৈয়ে  অন্তৰে কান্দে,
কেচা তেজ দেখি যদি আপোনাৰো  শৰীৰ সিঞৰি
উঠে ,
সন্ত্ৰাসবাদ, ধৰ্মীয় উন্মাদ , শোষণ দুৰ্নীতি দেখি যদি আপোনাৰো কপে শৰীৰ উত্তেজনাত,
সকলো বোৰ চিজিল লগাই দিবলৈ আপো�নাৰো  যদি একান্তই  ইচ্ছা  যায়
সোণত সুৱগা চৰিব খাটাং  !

আকৌ
কেনেবাকৈ  যদিহে আপুনি কথা কলেই সকলো নিস্তব্ধ হৈ পৰে আপোনাৰ কথা শুনাৰ উত্তেজনাত,
আপুনি আহিলে যদি ভাঁহি আহে বতাহত সেই ভাল লগা আপুনি আপুনি  সুবাস,
সঁচাকৈয়ে কৈছোঁ
সোণত সুৱগা চৰিব...

আৰু যদি কিবা প্ৰকাৰে আপুনি কবিতা ভাল পাই,
কৃষ্ণচুড়া ফুলিলে অনন্য মাদকতা পাই,
মাজনিশা সাৰ পাই যদি প্ৰায়ে একেথৰে আকাশখনলৈ চাই,

তেন্তে নিশ্চিত ভাৱে আপুনিয়েই হব পাৰে মোৰ এক্সক্লুছিভ সংগী...

ইমান দিনে ৰৈ আছো  আপোনাৰ বাবেই,
এটা সপোন সপোন লগা জীৱন সজাবলৈ...

পলম নকৰিব ,
আপুনি আৰু মই একেলগ হলে
ভালপোৱাৰেই
শপত খাই কৈছোঁ  ;

সোণত সুৱগা চৰিব ...!

--প্ৰাণজিৎ বৰুৱা
১৫ নৱেম্বৰ ২০১৪


No comments :

Post a Comment