Sunday, December 14, 2014

কথোপকথন

চমু কথোপকথনত
ভাল লাগিল ককাকৰ উত্তৰটো :-) :-)

ককাক জনে
নাতি ল'ৰাটোক ক'লে --
,"মোৰ বুকুৰ মাজত দুটা কুকুৰনেচীয়াৰ, অহৰহ যুদ্ধ চলি আছে ।
এটা কুকুৰনেচীয়া হৈছে দুষ্ট প্ৰকৃতিৰ
আৰু সি ঘৃণা খং আৰু অহংকাৰ লগত লৈ ফুৰিছে ।

আনটো হৈছে ভাল আৰু
সি তাৰ মাজত লৈ ফুৰিছে শান্তি ,আনন্দ ,মানৱতা ,প্ৰেম আৰু সহনশীলতা  ।
এই একেখন যুদ্ধ তোমাৰ লগতে সকলোৰে বুকুতো   চলি আছে ।"

নাতি ল'ৰাটোৱে তেতিয়া ককাকক উৎসুকতাৰে সুধিলে,
-- "এতিয়া কোনটো কুকুৰনেচীয়া জিকিবনো ককা ?? "

ককাকৰ চমু উত্তৰ,- " যিটোকেই তুমি লালন পালন কৰিবা ।"

-- নিনাও (y)


No comments :

Post a Comment