Monday, December 15, 2014

অ ফোন অ ফোন ❤ ❤ ❤

অ ফোন অ ফোন ইমান  ৰিঙ কৰ কিয়?
জি এফে যে মিছ কল দিয়ে মইনো নকৰিম কিয় ।

অ জি এফ অ জি এফ মিছ কল দিয় কিয়,
আমাৰ মিছকলৰ ভেলু যে বহুত আমি নিদিমনো কিয়,

অ জি এফৰ মিছকল অ জি এফৰ মিছকল তহঁতৰ দিমান্দ ইমান বেছি কিয়,
লৰাবোৰ যে আমাকলৈ বলিয়া দিমান্দ নহব কিয় ।

অ লৰাবোৰ অ লৰাবোৰ তহঁত ছোৱালী বলিয়া কিয়,
ছিংগল
ছোৱালীবোৰ যে পাবলৈকে নাই
বলিয়া নহম কিয় ।

অ চিংগল ছোৱালী অ চিংগল ছোৱালী তোমালোক পাবলৈ নাই কিয়,
চিংগল হৈ থাকিলে আমাৰ পকেট খৰচেই  নোলাই আমিনো থাকিম কিয় ।

অ পকেট খৰচ অ পকেট খৰচ তহঁতি চিংগল ছোৱালীৰ ওচৰত নাথাক কিয়,
বয় ফ্ৰেণ্ড বোৰ আছেই ছোন ছোৱালীৰ পকেট খৰচ দিবলৈ আমিনো থাকিম কিয় ।

অ বয় ফ্ৰেণ্ড অ  বয় ফ্ৰেণ্ড তহঁতি পকেট খৰছ ছোৱালীক দিয় কিয়,
তাহাঁতৰ মিঠা জান সোণ দেহা বোৰ আমাৰ যে বৰ প্ৰিয় ।

অ ছোৱালী অ ছোৱালী তোমালোকে  জান সোণ দেহা আদিবোৰ ইমান মৰম লগাই মাতা কিয় ,
সেইবোৰেই  আমাৰ অস্ত্ৰ  আৰু পুৰনিকলীয়া সম্পদ ,
বশী কৰণ কৰি লৰা পতোৱাৰ এই পৰম্পৰা আমি বাৰু এনেই এৰিম কিয়...!!

হু হু হি হি হা হা  উম্মাহ মাই জান মাই দেহা কলিজা লাভ ইউ উম্মাহ ;-) ❤ ❤ ❤   ;-) ❤ ❤ ❤
:-P :-P :-P :-D :-D

--প্ৰাণজিৎ বৰুৱা
১৫ ডিচেম্বৰ ২০১৪


No comments :

Post a Comment