Saturday, January 3, 2015

মোৰ ভালপোৱা বৰ্তমান আই চি ইউত....

মোৰ ভালপোৱা বৰ্তমান আই চি ইউত....

মোৰ ভালপোৱা বৰ্তমান আই চি ইউত ,

ব্যস্ত মোৰ প্ৰেয়সী এতিয়া পেন্টালুনৰ শ্বপিংত...

ফাৰ্ষ্ট ট্ৰেক ঘড়ী কিনিছে তেওঁ
সেইয়া
মোৰ বাবে নহয়,

যিহেতু
মোৰ ভালপোৱা এতিয়া  আই চি ইউত  ।

মোৰ চাকৰি আছে ১৭০০০ দৰমহা,
আলু দালি মাজে মাজে মাছ মঙহ খায়ো,
১৫০০ টকা সঁচাৰ যোগ্যতা আছে,

পিছে সেইয়া তেওঁৰ হেনো
এসপ্তাহৰ বিউটি কচমেটিকচৰ বাবেই নাটে ...!

যিহেতু মোৰ ভালপোৱা বৰ্তমান আই চি ইউত ...

মদ নোখোৱা লৰা বুলি এসময়ত মোক প্ৰশংসাৰে উপচাই পেলাইছিল তেওঁ,

এতিয়া তেওঁ প্ৰিয়জনৰ  সতে লেট নাইট পাৰ্টি বোৰত  গিলি যায় ব্লেগদগ চেম্পেইন কিবা কিবি বোৰ,

সেইয়া তেওঁলোকে মদ খোৱা নাই হেনো
  ড্ৰিংকছ কৰিছে ...

হা হা হবও পাৰে যিহেতু মোৰ ভালপোৱা এতিয়া
আই চি ইউত   ...!

কবিতা বলিয়া তাই এতিয়া এতিয়া হাঁহে মোক   অহৌবলীয়া বুলি ,

তাই  চুইফ্ট দিজায়াৰত বহি জাষ্টিন বেইবাৰ ,
একনৰ ৰেপ শুনিহে মতলীয়া হয়...

এসময়ৰ বিহু বলীয়া তাই জনীৰ প্ৰিয় উৎসৱ এতিয়া থাৰ্টি ফাৰ্ষ্ট নাইট,
শান্তি প্ৰিয় মৰমী জনীয়ে এতিয়া ভাল পাই দব্লিউ দব্লিউ ইৰ ফাইট...

হয়
যিহেতু মোৰ ভালপোৱা এতিয়া আই চি ইউত ...!

সময় !!
হয়তো সময়ৰ লগত মই মিলিব নোৱাৰিলো...
নতুবা
তাই হয়তো মোৰ লগত মিলিব নোৱাৰিলে ,

অথবা ভালপোৱাই হয়তো  আমাৰ লগত মিলিব
নোৱাৰিলে ...

সেইয়ে ভালপোৱা এতিয়া মোৰ পৰা বহু দুৰৈত,

এবুকু বিষাদৰ চকুলো বোৱাই,
পোৱা নোপোৱা কিছু আশাত
বন্দী হৈয়ে
এইয়া
মই মোৰ সপোনবোৰৰ অ' টি (Operation Theatre ) ৰ বাহিৰত অপেক্ষাৰত  ...

যিহেতু

যিহেতু মোৰ ভালপোৱা  বৰ্তমান  আই চি ইউত ...!!!

--প্ৰাণজিৎ বৰুৱা
২২ ডিচেম্বৰ ২০১৪


No comments :

Post a Comment