Sunday, December 14, 2014

কমলা বেচা লৰাটোৰ জিৰণি ...

কমলা বেচা লৰাটোৰ জিৰণি ...

বন্ধ বাৰ  ।
দেও বাৰ ,বিশ্ৰাম ,জিৰণি
আহ!
এনে সময়ৰ আমাৰ কি যে টনা টনি ...!

পিছে
জিৰণিৰ সংজ্ঞা আজি মোৰ দুচকুত পৃথক হৈ ধৰা দিলে,
কমলা বেচা   বজাৰ পট্টি স্কুলৰ ক্লাছ ফাইভত পঢ়া লৰাটোক দেখি...

আজি এটা বন্ধবাৰ ,
বিদ্যালয় অফিচ কাছাৰী বন্ধ,

আগদিনাই তাৰ সমনীয়া বোৰে গাইছিল
"কাইলৈ স্কুল বন্ধ
গোলাপ ফুলৰ গন্ধ "

কিন্তু সেই সময়ত তাৰ নাকত লাগিছিল আলংৰ পকা কমলা,
পকা কমলা বেছি পোৱা লাভ,
আৰু সেই লাভৰ পৰা আধা পেটিয়া পেটত পৰিব লগা সুস্বাদু গৰম ভাতৰ সুগন্ধ ...!!

বন্ধ ,
বন্ধ তাৰ বাবে ব্যস্ততাৰ এটি নাম,
তাৰ বাবে বন্ধত ৰৈ থাকে সদায় নতুন  নতুন একোটি কাম...

তথাপি সি অসুখী নহয়,
সি সুখী দেউতাকক সহায় কৰি,
সি সুখী ঘৰ খনৰ বোজা অলপ লাঘৱ কৰি ...

সি সুখী সি সুখী বন্ধ বাৰত ব্যস্ততাৰে কমলা বেচি ...

কমলা বেচা লৰাটো
সি যথেষ্ট সুখী ।

কমলা বেচা লৰাটো...

তাৰ বাবে বন্ধ বাৰত এইয়াই জিৰণি,
যি জিৰণিৰ কৰ্মোদ্যমত
তাৰ গোটেই পৰিয়ালটোৰ মুখত বিৰিঙি উঠে এমোকোৰা
ভোগালীৰ হাঁহি...!

--প্ৰাণজিৎ বৰুৱা
২ ডিচেম্বৰ ২০১৪


No comments :

Post a Comment