#মিছিং ছোৱালী এজনী ভাল লাগে যি সদায় মোক চাৰ আহিলে বুলি মাতে ...!#
শৰৎ নামে...
এহাতে
কঁহুৱা বোৰ ফুলে
সোৱনশিৰিৰ বুকুত তেতিয়া ভালপোৱাৰ ঐনিতমৰ সুৰ ভাহি উঠে ...
তুলবুল তুলবুল নাওঁ,
যাওঁ নৈৰ সিপাৰৰ জংকী পানৈৰ গাঁৱলৈকে যাওঁ ....!
আকৌ তাত আঘোণ নামে,
পথাৰৰ পৰা ধানৰ লগতে দাৱনীৰ হাঁহি বোৰ উফৰি
আহে ...
তেনেকুৱা দিনবোৰতেই
সৰিয়হ ডৰাৰ হালধীয়াবোৰে যে
চকু চাট মাৰি ধৰে...
মনটো কিবা ফৰকাল হৈ পৰে !
লাহে লাহে
আকৌ
মোৰ ফাগুন লিগাং হৈ সৰে...
সেই তেতিয়াই
আপুং আৰু পোৰা গাহৰিৰ
লোভে যেন বাৰুকৈয়ে দহে !!
লাহে লাহে সোৱনশিৰি গাভৰু হয় ,
গছেও সলাই পাত,
কুলি চৰাই এজনীয়ে বাঁহ পাতৰ তলৰ পৰাই মাতে আহি পালেহি অ চেনেহৰ ব'হাগ ...!
দিন মাহ বছৰ ...
এনেদৰেই সময় বোৰো বাগৰে,
আচৰিত
সোৱনশিৰি জনী পিছে অলপো নাভাগৰে...
আৰু কি জানে??
মোৰেই সৌভাগ্য নেকি...!
কাকতালীয় ভাবেই
সোৱনশিৰিৰ সিটো পাৰে
বছৰৰ এদিনো এনেদৰেই
আৰু
কোনোবাও নাভাগৰে ...
নাম নাজানোঁ !!
পিছে মোক দেখিলেই
সদায়েই
এটা সহজ হাঁহিৰে তাই
চাৰ আহিলে বুলি মাতে ,
কিয় নাজানোঁ ...!
সোৱনশিৰিৰ পাৰৰ সেই কেতিয়াও ভাগৰি নপৰা
মিছিং ছোৱালীজনী
সেই মুহূর্তত মোৰ
সঁচাকৈয়ে কিবা এটা ভাল লাগে,
চাৰ আহিলে বুলি
যি নেকি
মোক সদায়েই
অসীম আকুলতাৰে মাতে ...!!
--প্ৰাণজিৎ বৰুৱা
২৫ নৱেম্বৰ ২০১৪
No comments :
Post a Comment