Tuesday, December 12, 2017

গে'ট

গে'ট ...

প্ৰথমে নঙলা আছিল ,
গাঁৱৰ পদুলিবোৰত ,
লাহে লাহে আহিল জপনাবোৰ ,
গাঁওবোৰ ক্ৰমশঃ নগৰ হৈ পৰিল ,
জপনাবোৰ গে'টলৈ ৰূপান্তৰিত হ'ল...
আৰু এনেকৈয়ে যেতিয়া মানুহবোৰ
ক্ৰমান্বয়ে মানুহৰ পৰা যন্ত্ৰ হ'বলৈ আৰম্ভ কৰিলে এতিয়া মানুহবোৰৰ সতে কথা পাতিবলৈও একোখন গে'ট অতিক্ৰম কৰিব লাগে যাৰ নাম
পেটাৰ্ণ বা পাছৱৰ্ড ...

পুনশ্চঃ

হাই ...!

সেয়া এটা মানুহ মোৰ মেচেঞ্জাৰ নঙলা মুখত ,
চাওঁ গৈ দিয়ক ;
অতিথি গে'ট খুলি মাতি আনিব
পৰা হয় বা নহয় ...

✍প্ৰাণজিৎ বৰুৱা
১২/১২/২০১৭


No comments :

Post a Comment