কবিতা
(১)
সেইদিনা অলপ ওলাই গ'লো,
বাটতে এজোপা সোণাৰুক লগ পালোঁ ,
সোণাৰুৱে শুধিলে কোন ফালে যোৱা ?
জানানে ,
ঘপহকৈ
হালধীয়া হাঁহিটো দেখিয়েই
যাব খোজা বাটটো যে
পাহৰি থাকিলো ,
সিদিনা নহ'ল আৰু সোণাৰুক কোৱা !!
(২)
সিদিনা গছৰ তলত বহি থাকোঁতে ,
তুমি যে শুধিছিলা
মোৰ বাদে বেলেগ কাৰোবাকো তুমি ভালপোৱা ?
জানা নে ?
সোণাৰুৰ শপত খাই কৈছো,
তোমাক সেইদিনা সঁচা কথাটো নহ'লেই কোৱা ।
(৩)
আচলতে সোণ ,সোণাৰু ,
নে তুমি বেছি ধুনীয়া ,
কথাবিলাক ভাবি থাকোঁতেই মোৰ সময় বোৰ গুচি গ'ল,
সোণাৰু সৰি সৰি যোৱা ,
তুমি উচাত মাৰি যোৱা,
সোণাময় সময় বোৰ হেৰুৱা,
কথাবোৰত যে মন দিয়াই নহল...!
শেষতহে বুজিলো আচলতে
আটাইতকৈ বেছি
স্মৃতিবোৰ হে ধুনীয়া
চিৰ যুগমীয়া ।
✍প্ৰাণজিৎ বৰুৱা
১৩/০৬/২০১৬
No comments :
Post a Comment