Tuesday, June 28, 2016

ছোৱালী ২

ছোৱালী ২

(১)

তাই এদিন প্ৰেমত পৰিলে,
ল'ৰাটোৱে তাইক বেয়াকৈ ঠগিলে ,
বিচাৰ চলিল ।
বিচাৰৰ শেষত
সমাজে পিছে তাইকহে দোষিলে,
কিয়?
যিহেতু তাই ছোৱালী !!

(২)

তাই বিয়াত বহিল,
বাপেকৰ বোজা এটা কমিল,
তাৰে অজুহাতত
তাইৰ বোকোচাত দেউতাকে
ধাৰ কৰি দিয়া যৌতুকৰ ভঁৰাল এটাও উঠি আহিল ।
কিন্তু শেষত তাই জ্বলি থাকিল ।
কিয় ...
যিহেতু তাই ছোৱালী ।

(৩)

বিয়াৰ শেষত তাইৰ স্বামী ঢুকাই গ'ল,
তাইৰ সেওঁতাৰ বেলিটো লুকাই গ'ল,
তাইৰ পৰিচয়ো সলনি হ'ল,
তাই চুলেই সকলো চুৱা হ'ল,
পুৱাই তাইৰ উকা মুখলৈ কোনেও নোচোৱা হ'ল ।
তাই মৰা নাছিল,
কিন্তু সমাজে তাইৰ সুখ বোৰ কাঢ়ি নিছিল...

যিহেতু তাই ,
তাই ছোৱালী !!

এনেকৈ জীৱনটোত কোনোবা বাৰে বাৰে মৰি যায়,
কাহিনী বোৰত নতুন বুলিবলৈ একো নাই,

তেওঁলোক সুকোমল,
তেওঁলোক নিৰ্মল ,

প্ৰতিবাদ তেওঁলোকেও কৰিব পাৰে ,
কিন্তু
প্ৰতিবাদ কৰাৰ আগতেই
সমাজে
শিকাব পৰা হলে ভাল আছিল ,

আচলতে  তেওঁলোক ছোৱালী হোৱাটোত যে
অকণমানো দোষ নাই ।

প্ৰাণজিৎ বৰুৱা
২৮/জুন /২০১৬


No comments :

Post a Comment