Saturday, June 18, 2016

ছোৱালী

ছোৱালী ...

(১)

মিঠাই এটাই আছে বাবাটোৱে খাব  ।
তই নাখাবি ।

তাই হাঁহি মুখে কয় হব  !

তাই বুজি পাই সকলোখিনি

তাই যিহেতু ছোৱালী ।

(২)

পূজা বুলি ইহঁতক কিবা এটা দিব লাগিছিল ,
বাবাক নিদিলে সি চিঞৰিব ,

তই কেইদিনমান পাছতে লবি  ।

তাই কয় হব !

তাই বুজে কথাখিনি

তাই যিহেতু ছোৱালী ।

(৩)

বাবাটোৱে খোৱা কাঁহী খন ,

তাইৰ ওচৰত দি যাবলৈ কয়,

পিছে বাবাটোৰ সেই কনৰো সময় নহয় ।

তাই নিজেই লৈ গৈ ধুই পেলাই নিৰৱে,
মুখেৰে টু এটাও নকয় ....

তাই যিহেতু ছোৱালী ।

(৪)

বাবাটোৱে পৰীক্ষা দিব ,
সকলো উৎকন্ঠিত ।
কি বা হব ।

তাই পৰীক্ষা দিব ।
যি হয় হব ।
এনেও বিয়াহে হব ।

পঢ়ি শুনি কিনো কৰিব ।
তাই যিহেতু ছোৱালী ।

(৫)

সময়ত বাবাটোৱে চাকৰি এটা পালে,
তাইও চাকৰি এটা সৰুকৈ গোটালে ।

সময়ত দুয়োকে বিয়া পাতি দিলে ।

বাবাটোৱে পত্নী সন্তানৰ মোহত বন্দী হৈ যায়,

তাই ঘৰৰ গিৰি হঁত শহুৰ শাহুৱেকৰ আলপৈচান ধৰাৰ উপৰিও
মাক দেউতাকহঁতক  একোবাৰকৈ চাই যায় ।

ইমানকৈ কাম কৰে,
ইমানকৈ চিন্তা কৰে,
ইমান মৰমবোৰ লৈ ফুৰে কেনেকৈ ....

হয় তাই বৰ আজলী,

আনৰ বাবেই জীয়াই থাকিবলে শিকা
আলফুলীয়া

তাই যিহেতু ছোৱালী !!

প্ৰাণজিৎ বৰুৱা
১৪/০৬/২০১৬


No comments :

Post a Comment