Thursday, June 30, 2016

শীত নামিছে সকলোৰে মনত ...

( যোৱা বছৰৰ আজিৰ দিনটোত লিখা )

শীত নামিছে সকলোৰে  মনত ...

শীত নামিছে চহৰ খনত...
শীত নামিছে গাঁও খনত...

শীত নামিছে ফটা কঠাৰ ভাজত,
শীত নামিছে এৰিস্ট্ৰকেট
সাজত ।

শীত নামিছে ভদকা অ চিৰ গ্লাছত,
শীত আহিছে চাই আপুংৰ মাজত...!!

শীতক আদৰিছে  ৰুম হিটাৰে,
শীতক সাদৰিছে জুহালৰ তেজাল অঙঠাৰে  ।

শীত নামিছে কুঁৱলীৰ লহৰে লহৰে,
শীতক আদৰিছে  সুকুমল ৰ'দকনে  প্ৰতি প্ৰহৰে প্ৰহৰে ।

শীতৰ আঙুলিত ধৰি সৰিয়হৰ হালধীয়া হাঁহি,
শীতৰ বুকুচাত উঠি উৰে এজাক বালিমাহী ।

শীতৰ আগত ফটা চোলা পিন্ধোতাৰ অভিমান,
শীতৰ নিচাত  নিচাগ্ৰস্ত হৈ
পুমা লিভাইছ পৰিহিতাৰ স্বাভিমান ।

শীতে আনন্দ আনে,
শীতে বিষাদো সানে ...
শীতে হাঁহে ,কান্দে ,
গায় জীৱনৰ গান,
লগতে
শীতৰো  আছে বহু মান অভিমান...

শীতক যে তথাপিও ভাল লাগে,

উষ্ণ চাহৰ চুমুক,
পুৱাৰ হেঙুলীয়া বেলি,
আঘোণৰ পথাৰৰ ৰবাব টেঙাৰ জুতি...

আস !!
আটাইবোৰ
আটাইবোৰেই
যেন শীতক বাৰে বাৰে
কাষলৈকে
মাতে,

শীত নামিছে চহৰ খনত...
শীত নামিছে গাঁও খনত...

পিছে
শীতে গাওঁ চহৰ নিচিনে,
শীতে ৰোপন কৰে ভাল লগাৰ বীজ
প্ৰতিটো ক্ষণত  ....!

শীত নামিছে
পাহাৰখনত,
নদীখনত,
হাবি বনত ...

শীত  যেন
নামিছে সকলোৰে মনত !!

--প্ৰাণজিৎ বৰুৱা
৯ ডিচেম্বৰ ২০১৪


No comments :

Post a Comment