স্পাইছ জেটৰ ৰেড চিলি হট মনিপুৰি পুতলা জনী ...
বহুতে কোৱা শুনো
উৰাজাহাজত ভ্ৰমণ কৰিলে চাবলগীয়া বিশেষ বস্তুটোৱেই হেনো এয়াৰ হোস্তেজ বোৰ...
মোৰো এটা দুৰন্ত হেঁপাহ আছিল আকাশত উৰাৰ,
সেই ধুনীয়া এয়াৰ হোস্তেজৰ সতে কিছু কথা পতাৰ,
ভাবি থকা কথাবোৰ সঁচা হলে কেনে লাগে বাৰু,
মোৰ কিন্তু কিবা এটা সপোন সপোনেই লাগে...
...এই ধৰক
প্ৰথম সোমাইছো স্পাইছ জেটত ,
এনে লাগি গল কেনেবাকৈ যেন
বিশেষ মানুহ হৈ পৰিছো,
সকলো ফালেই ব্যস্ততা সকলোৱেই শৃংখলা বদ্ধ,
এখন নম্ৰ ভদ্ৰ পৃথিৱী ...
থাকক সকলোবোৰ থাকক,
পিছে মোক অলপ বিপাঙত পেলাই গল সেই বগা পুতলা পুতলা লগা মনিপুৰী ছোৱালী জনীয়েহে ,
চেহ
কি নাম আছিল সোধাই নহল ,
ইমান ব্যস্তনো কিয় আছিল পাই,
এটি হাঁহিৰেই যে কলিজাত বিষ উঠাই ...
নাই নাই কবলৈ লাজ লগা নাই ,
মোৰ যে এতিয়াও
তেওঁ কাষলৈ আহিলেই ,
ৰাই জাই কৰা
সেই মিঠা চুইংগাম চুইংগাম গোন্ধটো নাকৰ পৰা আঁতৰাই নাই...
কি যে
এতিয়াটো
প্ৰায় তিনি ঘন্টা উনচল্লিশ মিনিটেই হল ,
তথাপিও
মনত ইমান আমনি ,
দুচকুৰ সেই ভাল লগা
কি তেজাল চাৱনি ...
আস কিয় যে ইমান শুৱনি ,
স্পাইছ জেটৰ সেই ৰেড চিলি হট মনিপুৰী পুতলা জনী ...!!
প্ৰাণজিৎ বৰুৱা
১১/১২/১৫
কলিকতা ।
No comments :
Post a Comment