Friday, January 8, 2016

বিয়া ঘৰত কবি

বিয়া ঘৰত কবি...

এজন দুজনকৈ বিয়াঘৰত মানুহ বোৰ আহিছে,
এইখন এখন ব্যতিক্ৰমী বিয়া
যত কবিবোৰক আমন্ত্ৰণৰ সলনি
নিমন্ত্ৰণ জনোৱা হৈছে ।
কবি বোৰ সদায় সময়ানুৱৰ্তী হব লাগে
বুলি ভাবিয়েই
বিশিষ্ট কণিষ্ঠ সকলো কবি লাহে লাহে
সময়তেই একগোট হৈছে...

বিয়া ঘৰত মানুহৰ হেম গেম ,
পিছে কবি সকলৰ সেইফালে খবৰ নাই,
কবি সকলৰ আলোচনা ,
তোমাৰ প্ৰান্তিকত এতিয়াও কবিতা ওলোৱাই নাই !
কিয় ?
কি আচৰিত তোমাৰ কবিতা
বোৰ যে ইমান ভাল লাগে পাই ।
কবিজনে ভাবে জানো তোষামোদেই
কৰিলে নে সঁচাই কলে
বুজিবলৈয়ে দেখোন  কঠিন হৈ যায় ..

ক্ৰমান্বয়ে আলোচনা চলি থাকে ...
আলোচনাত
জ্যেষ্ঠ কবি সকলে কম কথা কয়,
প্ৰতিষ্ঠিত কবিৰ আকৌ
কথাৰ সলনি কবিতাৰ ক্ষেত্ৰত আধিপত্যৰ কথাহে
আওঁপকীয়াকৈ মুখেৰে বয়,
নতুন কবিয়ে নিজৰ কথা কবলৈ সুবিধা বিচাৰি উচ পিছ কৰি ,
সুবিধা নাপাই ক্ষোভিত হৈ ৰয় ...

মুঠৰ ওপৰত কবি সকলৰ মজলিছ পূৰ্ণদমে চলি ৰয়  ।

তেনেতে এটা ঘটনা ঘটে ,
কবি সকলক ভিতৰলৈ খাবলৈ মাতে...

কবি সকলৰ পিছে সেইফালেও কোনো ভ্ৰূক্ষেপ নাই,
তেওঁলোকে এজনে সিজনক নিজৰ কবিতা শুনাই,
নিজেই নিজৰ গুণ গাই,
দুই এজনে আকৌ প্ৰকাশৰ বাবে গুৰিত পানী ঢালিবলৈ যায়,
কোনোবা জন নবীনে আকৌ তেওঁৰ পাতনি লিখিবলৈ বিশিষ্ট কবিক  খাটনি ধৰিবলৈ তেতিয়াহে সময় পাই ।

এনেই স্বভাৱতে আওকানীয়া  কবি সকল
আৰু আওকানীয়া হৈ পৰে,
কবি সকলক লগ পাই সকলো কবি
নিজা  জগতত বিচৰণ কৰিব ধৰে ।

ইফালে বিয়া ভাগিবৰেই হয় ,
কবি সকলৰ তথাপি  কোনো সাৰ সুৰেই নাই...

গৃহস্থই
কবি সকলকো  অৱশেষত বিদায় জনাবলৈ আহে,
কবি  সকলে যেন তেতিয়াহে সাৰ পাই

আৰে আমাক দেখোন খাবলৈও নামাতিলে ,
ভোকত পেটে কলমলাই ,
পিছে আকৌ খুজিবলৈও লাজ পাই ...

অৱশেষত সকলোৱে ঘৰা ঘৰি  যাবলৈ ওলাই

যাওঁতে এজন কবিয়ে  কথা নে কবিতাৰ শাৰী এটা কয়  ,

" বিয়া ঘৰৰ খোৱা বস্তু বোৰ প্ৰকাশিত কবিতাৰ দৰে হোৱা হলেই  ভাল  আছিল পাই,

নৱেম্বৰত প্ৰকাশ পোৱা কবিতাটো দেখোন জানুৱাৰীত বিচাৰিলেও পুনৰ কিনিবলৈ  পোৱা যায় ।"

কিয় নাজানোঁ
কিবা এটা ৰস পাই

ভোকাতুৰ কবি সকলেও
শেষত
হাঁহি হাঁহি কথাখিনি আৰু বিয়া খনক শলাগি থৈ  যায় ।

✍ প্ৰাণজিৎ বৰুৱা
৮ জানুৱাৰী ২০১৬


No comments :

Post a Comment