ভোগালীৰ পদ্য ।
ভোকৰ কথা কবলৈ অথবা লিখিবলৈ আপুনি যে ভোকাতুৰ হবই লাগিব তেনে কথা নাই,
সেয়ে সন্মুখত হাঁহৰ মাংস চিতলৰ কলথী সজাইও আপুনি ভোকৰ শ্লগান গায়...
ভোগালীৰ নাম ললেই যে সকলো সন্মুখত হাজিৰ হব
তেনেকুৱাও একো কথা নাই,
নহলে এই পুহৰ শীতল পুৱাতে গাত গেঞ্জী এটি পিন্ধিয়েই সিহঁতে ডাষ্ট বিনত এৰেহা বিচাৰি নাযায়...
মোক ভোগালীৰ ওলগ নজনাব ,
ছোমালিয়াৰ দুৰ্ভিক্ষ যিহেতু মোৰ এই নিজ দেশত...
যি দিনাই ভোগালীত প্ৰতিটো শিশুৱে লঘোণে নকটাই ,
যিদিনাই ভোগালীত প্ৰতি গৰাকী মায়ে আনৰ ঘৰত কাম বিচাৰি নাযায় ,
যি দিনাই ভোগালীৰ বাতৰিত এটাও হত্যা হিংসাৰ বাতৰি নোলায় ,
সকলোৰে ঘৰে ঘৰে মেজীৰ জুই উৰিব ,
সকলো বোৰ অসুয়া সীমাহীন দুৰ্নীতি বোৰ পুৰিব ।
যি দিনাই মন্ত্ৰী বোৰে কৰা ভাল কামৰ খবৰ এটা হলেও আহিব ,
প্ৰকৃতিৰ ভাৰ সাম্যৰ কথাও যিদিনাই সকলোৱে বুজিব ।
সেই দিনাই মোক আমাক ভোগালীৰ ওলগ যাচিব ।
পুনশ্চ মাথোঁ শুভকামনাৰেই সকলো নহয় ,
ভোকত থাকি দুঃ চিন্তাৰে কেতিয়াও ভোগালীৰ উপভোগ নহয় ।
✍ প্ৰাণজিৎ বৰুৱা
১৫/১/১৬
No comments :
Post a Comment