মই এক প্ৰকাৰৰ ভাগ্যবান ...
মই এক প্ৰকাৰৰ ভাগ্যবান
যিহেতু পুৱা সাৰ পাইয়ে শুনা পাওঁ এহাল শালিকাৰ গান ,
মই একপ্ৰকাৰৰ ভাগ্যবান ,
বাৰীত গলেই নাকত লাগে মোৰ
গোবৰ মাটি মিহলি চিনাকি এক ঘ্ৰাণ ,
ঘৰৰ মুধচত আমাৰ এতিয়াও
যোৰা যোৰা পাৰ পৰে ,
পাৰৰ ৰুণত এতিয়াও পুৱাৰ টোপনি ভাঙে ,
দেউতাৰ সতে শীতত একেলগে এতিয়াও
পাওঁ পকা আঙঠাৰ সেক ,
গৰু বিচাৰি যোৱা হাবি তলীয়া বাটটো আমাৰ এইফালে এতিয়াও ঠেক,
পানীৰ বাবে কুঁৱা,
মহৰ বাবে সন্ধিয়া ধোঁৱা
এতিয়াও হেৰাই যোৱা নাই ,
বাৰীত উভৈনদী এতিয়াও আমাৰ পালেং সুতৰা লাই ,
আমাৰ ঘৰলৈ আজিকালিও বিনা কামতো খবৰ নিদিয়াকৈ আলহী বোৰ আহে,
আমাৰ ইয়াত সকামত মানুহ বোৰে এতিয়াও নোকোৱাকৈয়েই হাতে কামে লাগে ...
মায়ে এতিয়াও নাম ঘৰৰ পৰা আমালৈ মাহ প্ৰসাদৰ টোপোলা লৈ আহে,
মায়ে হয়তো জানে যে ঘৰত কোনোবাই সেই টোপোলালৈ হেঁপাহৰে বাট চাই থাকে ।
ধুলি বোৰ , নিয়ৰ বোৰ , কুঁৱলী বোৰ এতিয়াও জীয়াই আছে ,
পুখুৰী বোৰ , পথাৰ বোৰ , বাঁহগছ বোৰে এতিয়াও ইয়াত উশাহ লৈ আছে ।
ৰাতিপুৱা আমাৰ বোৱাৰী বোৰে ওৰণি লৈ এতিয়াও বাহি চোতাল সাৰিবলৈ পাহৰা নাই,
পঢ়া শুনা নকৰা সৰু ল'ৰা ছোৱালীক এতিয়াও চুবুৰীয়াই শাসন কৰিবলৈ এৰা নাই ।
সন্ধিয়া আমি এতিয়াও ডবাৰ মাত শুনো ,
নাম ঘৰত জয় ৰাম , শ্ৰী ৰামৰ সমূহীয়া নামষাৰো প্ৰায়েই শুনো ,
আমাৰ গাঁওখন , ঘৰখন অৱশ্যে এতিয়াও আধুনিক হ'বলৈ ৰৈ থকা নাই,
অথচ
সুখী এই বাবেই সকলোৱে ইয়াত এতিয়ালৈকে শিপা হেৰুৱাই পেলোৱা নাই ।
যি মাটিৰ প্ৰতি মোৰ হেঁপাহৰ টান ,
য'ত সৃষ্টি হয় শত সুৰীয়া গান ,
সেই সুৰ বুকুৰ পৰা এতিয়াও
ইয়াত যিহেতুকে হেৰাই যোৱা নাই,
সেয়ে হয়তো বহুততকৈ মই অলপ বেছিকৈয়ে ভাগ্য বান !!!
✍প্ৰাণজিৎ বৰুৱা
১৫/১/১৭
No comments :
Post a Comment