গাভৰু দুপৰীয়া শোৱে ...
দুপৰীয়া ৰবাব টেঙা এটা আগত লৈ গাভৰু মাকহঁতৰ সৈতে বহি লয় ,
গাভৰুৱে নিমখ জলকীয়া যোগাৰ কৰে ,
বৰ মাক খুৰী হঁতেও চুলি মেলি মুঢ়া এটা আনি ওচৰতে বহে ।
তৎক্ষণাতে আটাইৰে কথাৰ পাগ উঠে ,
চুবুৰীৰ পৰা দিল্লীত পঢ়িবলৈ যোৱা শইকীয়াৰ জিনচ পিন্ধা জীয়েকৰ লৈকে একো কথাই বাদ নপৰে ।
গাভৰুৱে একো নামাতে মনে মনে শুনি ৰবাব টেঙাৰ বাকলি এৰোৱাত মন দিয়ে ।
এইবাৰ খুৰীয়েক জনীয়ে গাভৰুক ভিতৰৰ পৰা পানী এগিলাচ আনিবলৈ পঠিয়াই ,
গাভৰু যায় ,
খুৰীয়েকে ফুচ ফুচাই গাভৰুৰ মাকক জনাই ,
শুনিছনে গাভৰুৰ মাক ,
জীয়েৰক এনেকৈ কিয় ৰাখিছ,
ছোৱালী কুৰিতে বুঢ়ী নাজান নেকি ,
দেখাতো লাহি পাহি এবাৰ সন্মতি দে হাজাৰ জন ওলাবহি ,
বয়স ভাটি দিবলৈ নৰবি , তোৰো বয়স ভাটি দিলেই সোনকালে আজৰি হ...
গাভৰুৰ মাকে শলাগি কয় ভাবিছো অ ৰহ , গাভৰু আহিলে মনে মনে ৰ !!
গাভৰুৱে দুৱাৰ মুখৰ পৰাই কথাবোৰ শুনে ,
আৰু পানী আনি খুৰীয়েকক দিয়ে ,
এইবাৰ গাভৰুৱে ৰবাব টেঙা সকলোকে বিলাই মনে মনে নিজৰ কোঠালৈ উঠি যায় ।
গাভৰুৱে এইবাৰ আইনাত নিজকে ওপৰৰ পৰা তললৈ চায় ,
গাভৰুৰ লাজ লাগে
গাভৰুৱে এইবাৰ ওঁঠত ৰঙা লগাই ,
চুলি ফনিয়াই ,
কাজল লগাব লওঁতেই ,
হঠাত গাভৰুৰ কথা বোৰ মনলৈ আহে ...
কাজল ললে যে তেওঁ কিমান ভাল পাইছিল ,
আৰু সদায় মৰম কৰাৰ কথা কৈ কেনেকৈ যে তাইৰ মন ভৰাই ৰাখিছিল ,
বিয়াৰ সকলো বোৰ ঠিক হওঁতেই অকস্মাত মানুহটোক যে কেনেকৈ নিয়তিয়ে কাঢ়ি লৈ গৈছিল !!
কথাবোৰ মনত পৰি আকৌ গাভৰুৰ চিৰিং কৰি উঠে বুকু ,
আৱেগত দুগাল তিতি যায়...
তাই বাৰু ইমান বোৰ স্মৃতি বুকুত লৈ এতিয়া কেনেকৈ আনৰ হৈ যায়,
গাভৰু উন্মাদ হৈ পৰে,
তাই এতিয়া একোকে আৰু শুনিব নোখোজে
সেয়ে ,
সেইদিনাৰ পৰা দুপৰীয়া কোনোবা আহি গাভৰুৰ বিয়াৰ কথা পাতে বুলি ভয়তে ,
গাভৰু দুপৰীয়া দুপৰীয়া শোৱে ,
আচৰিত ভাবে দুপৰীয়াই সমাজিকত তেৱোঁ আহে
গাভৰুৰ সঁতে আগৰ দৰে কথা বোৰ পাতে...
গাভৰু সুখী হৈ পৰে !!
প্ৰাণজিৎ বৰুৱা
১৯/১/১৭
No comments :
Post a Comment