Friday, June 12, 2015

এপোৱা  দুইশ গ্ৰামৰ জিন্দগী আমাৰ ..

(বিশ্ব শিশু শ্ৰমিক বিৰোধী  দিৱস,
উপলক্ষে ২০১২ চনৰ আজিৰ দিনটো
১২ জুনত লিখা )

এপোৱা  দুইশ গ্ৰামৰ জিন্দগী আমাৰ ...

এপোৱা  দুইশ গ্ৰামৰ জিন্দগী আমাৰ ...
কিন্তু
আমি তাতেই সুখী ,

বুজিছে?

আমি জন্ম হৈয়েই লৈ আহো হাজাৰ টকীয়া ধাৰৰ বোজা ,
লৈ আহোঁ জন্ম হৈয়ে ,
এটি খাৱৰীয়া বৃদ্ধি হোৱাৰ চিন্তাৰ বোজা ...!

আমাৰ জন্ম হলে,
ফাইভ ষ্টাৰত পাৰ্টি নহয় ,
আমাৰ অন্ন প্ৰসন্ন ,
বাৰ্থডেৰ নামত হাজাৰ টকাও খৰছ নহয় ... :-\

কৈছোৱে চোন ,
আমাৰ মুৰৰ ওপৰত হাজাৰ টকীয়া ধাৰৰ বোজা ।

আমাৰ ভাগ্যনো কি ?

এপোৱা দুইশ গ্ৰামৰ
জীৱন ...!
কিন্তু
আমি তাতেই সুখী ,

জন্ম হৈয়ে হেৰুৱাই পেলাওঁ আমি পিতৃ মাতৃ ,
অথবা তেওঁলোকৰ
পৰিচয় :-(
ফুটপাথ অথবা অনাথালয় হৈ পৰে আমাৰ আশ্ৰয় ...

আমাৰ বিদ্যালয় হৈ পৰে
ভঙা চিঙাৰ দমৰ মাজত ,
নতুবা
কোনোবা হোটেলৰ পোৱালী সম্বোধনৰ ভাজত
ভাজ লয় আমাৰ স্কুল
শৈশৱ !

এপোৱা দুইশ গ্ৰামৰ
জীৱন আমাৰ :-\

তথাপি দুখ নকৰো জানে ?

আপোনালোকৰ আলাসৰ সন্তান বোৰে আইছ ক্ৰীম ;
চকলেট নাপালেই কৰা  অভিমান বোৰৰ দৰে,
আমি তিনিসাজ লঘোণে থাকিলেও কোনো দুখ নকৰো !

আৰু কৰিমেই নো কাৰ আগত ??

ইমান ভাগ্যবান যে
নহলোৱে ...

এপোৱা দুইশ গ্ৰামৰ
জীৱন :-\

আপোনালোকৰ দৰে প্ৰতি সাজত দুই কেজি মাংস ,
এক কেজি মাছেৰে কতনো ভৰাব পাৰো আমাৰ পেট ???

দিনটো শ্ৰম কৰি পোৱ টকাৰে তিনিটা ভাই ভনীয়ে ,
আমি খাওঁ,
দুইশ গ্ৰাম চাউলেৰে তিনি সাজ ভাত ...!

কেতিয়াবা কেনেবাকৈ বোনাচ পালেহে খাব পাওঁ,
পেট পুৰোৱাকৈ এপোৱা মঙহ কিম্বা মাছ ,
দালিৰ সোৱাদ ...!

তথাপি আক্ষেপ নাই  আমাৰ ,চৰকাৰেও যে আমাক
পাহৰা নাই...! :-\

(পাতিছে শিশু শ্ৰমিক বিৰোধী দিৱস,
এদিনৰ বাবে আমি আদৰৰ;)

আজি আমাৰ বোনাচ ...

অন্ততঃ
আজি চাগৈ পাম কৰবাত খাবলৈ পেট পুৰোৱাকৈ 
খানা এসাজ :-o

হা হা   এইয়াই আমাৰ জীৱন
এপোৱা দুইশ গ্ৰামৰ
:-\ :-(

-- প্ৰাণজিৎ বৰুৱা
12 june 2012


No comments :

Post a Comment