Friday, June 12, 2015

পেট ডাঙৰ মানুহবোৰ ...

পেট ডাঙৰ মানুহবোৰ ...

মাছৰ বজাৰত ডাঙৰতকৈ ডাঙৰ মাছ বিচৰা মানুহবোৰ ,
খাহী পাঠা লোকেল মূৰ্গীৰ দোকানত দৈনন্দিন অহা যোৱা কৰা মানুহ বোৰ,
সুন্দৰী পত্নী আৰু সন্তান কেইটিমান পিছৰ চিটত বহোৱাই ডাঙৰ গাড়ী চলোৱা মানুহবোৰ ,

মই সাধাৰণতে দেখি থকা ,
ডাঙৰ ডাঙৰ হাঁহি মাৰি কথা কোৱা ,

এওঁলোক
হয় এই এওঁবিলাকেই পেট ডাঙৰ মানুহবোৰ ।

এওঁলোকৰ ভিতৰুৱা কথাবোৰ কি নাজানোঁ ,
কিন্তু বাহিৰত এওঁলোকক বিৰাট
সুখী মানুহ যেন লাগে,

মুখত কিছুমানৰ গহীন ভাব থাকে যদিও ,
প্ৰায় সংখ্যকৰ মুখখন  কিন্তু তামোলৰ
ৰঙাৰে ৰাঙলী ,
আৰু ডাঙৰ ডাঙৰকৈ মৰা হাঁহি এটাৰ গৰাকী ,
এওঁলোকৰ ডাঙৰ মাতটোৱেও
চৌপাশ ৰজনজনাই থাকে ।

কোৱা শুনো এওঁলোকৰ কিছুমানৰ
এটা চাকৰি আছে,
আৰু মনে মনে শুনা মতে এওঁলোকৰ চাকৰিটোত  বোলে কিবা "ভাল টেবুল " জাতীয় সামগ্ৰী এবিধ আছে,

আৰু কিছুমানৰ ব্যৱসায় ,
যি ব্যৱসায়ত মাহেকীয়া পষেকীয়া
লক্ষাধিক  আয় আছে ।

যিয়েই নহওক কিন্তু এই মানুহবোৰৰ সমাজত যথেষ্ট দাম আছে,
বহুত মানুহেই এওঁলোকৰ পিছে পিছে হয় হয় কৰি
উঠা বহা কৰিয়েই থাকে ,
বিভিন্ন উৎসৱ পাৰ্বন , থিয়েটাৰ বা ধৰ্মীয় অনুষ্ঠানৰ পৃষ্ঠপোষক আদিৰ দৰে পদবীৰ সন্মানো
এওঁলোকক যাছে ।

তথাপি এওঁলোকৰ সুখী মুখৰ আঁৰতো হেনো ধেৰ দুখ আছে,
এওঁলোকৰ গনিব নোৱাৰা টকাবোৰৰ দৰে গনিব নোৱাৰা হেনো বহুত অসুখ আছে,

এওঁলোকৰ সম্পত্তিৰ পাহাৰৰ মাজটো সন্তানৰ উদ্ভন্দালি অতপালিৰ সীমাহীন বেদনা আছে,
এওঁলোকৰ টোপনি অহাৰ বাবেও ,
খাদ্য পচন হোৱাৰ বাবেও
অথবা শান্তি পাবৰ বাবেও
বোলে  বিভিন্ন ধৰণৰ ঔষধৰ সহায় লাগে ...!

সঁচাকৈয়ে ইমান
ঐশ্বৰ্য শালী , প্ৰভাৱ শালী মানুহবোৰৰ এনে বিলাই দেখি দুখো লাগে...

কিন্তু
এই পেট ডাঙৰ মানুহবোৰৰ বহুতো মানুহ আছলতে সঁচাকৈয়ে সুখী হোৱা মই দেখিছো,
যি বোৰৰ হৃদয় খনো যে
পেটতোৰ সমানেই ডাঙৰ,
বিশাল...!

দেখিছো
যিবিলাকে বিপদত পৰা মানুহক সহায় কৰি ভাল পাই,
যি বিলাকে অনাহাৰ জনক এমুঠি অন্ন খুৱাই  সঁচাই শান্তি পাই,
যি জনে নিজৰ অজস্ৰ সম্পত্তিৰ এটা ক্ষুদ্ৰ অংশ নিঃস্ব জন, দুখীয়া মেধাৱী ছাত্ৰ জনৰ সতে ভগাই অলপমান সুখ পায়,
হয়
সেই তেওঁলোক সঁচাকৈয়ে সুখী,

এইধৰণৰ পেট ডাঙৰ মানুহবোৰ
সঁচাকৈয়ে ব্যতিক্ৰমী ,
এওঁলোকে মানুহে মানুহৰ বাবে কথাষাৰ
অন্ততঃ বুজি পায় ।

পুনঃশ্চ
পেট ডাঙৰ মানুহ বোৰ আপোনালোকক এনেকৈ
কোৱা বাবে বেয়া নাপাব ।
জানো বুজো
আপোনালোক যথেষ্ট সক্ষম ,
সেয়ে পাৰে যদি আপোনালোকেই অলপ ভাবক সেইবিলাকৰ বাবে
যি সকল  জীয়াই থাকিবলৈ তেনেই অক্ষম,

আনৰ সুখত অলপ সুখী হবলৈ শিকক
মই  নিশ্চিত
আপোনালোক আৰু ,

আৰু বহুত বেছিকৈ সুখী হৈ পৰিব ।

--প্ৰাণজিৎ বৰুৱা
১২ জুন ২০১৫


No comments :

Post a Comment