Saturday, June 13, 2015

নাম্বাৰ থিয়ৰি গ্ৰাফ থিয়ৰি কত হেৰাল...

নাম্বাৰ থিয়ৰি গ্ৰাফ থিয়ৰি কত হেৰাল...

কি যে বিৰম্বনা ,
কেনেকৈ যে হেৰাই যায় সকলোৰে ঠিকনা ,

সময়ৰ সোঁতত
নিজকে এৰি দিয়াৰ এক যন্ত্ৰণা ,

কেতিয়াবা ভাবো এইবোৰ কি হৈ আছে ,

কত গল টেবুলৰ আগৰ ডাঙৰ ডাঙৰ কিতাপবোৰ,
shanti narayan , S CHAND,
A.R Vashistha ,DAS & MAITY...
KRISHNA SERIES ...
আদিৰ দৰে বিয়াগোম নাম বোৰ,

জীৱনৰ এছোৱা কিতাপ বোৰৰ নাম মুখস্থ কৰোঁতেই গল,
বাকী এচোৱা আগত এখন মেলি
TOPOLOGY,
LINEAR ALGEBRA কাৰ সৃষ্টি বুলি,
মনত এবুকু ক্ষোভ,
আবেল, হেমিলটন, ৰাইমান , কউচি হঁতক
কচি কচি হিয়া উজাৰি গালি দিওঁতেই গ'ল...

ভাল পোৱা নাছিলো কোনো দিন কন ভাৰ্জেন্ট ডাই ভাৰ্জেন্ট,

কনটিউনিটি , ছিংগুলাৰিটি ,
ৰেছিদিউ , চিকুৱেন্স
অপেন চেট ,ক্লজ চেট আদি শব্দবোৰতে যে
আছিল তেতিয়া  বহুত ছেন্টি মেন্ট ...

আছিল কিছু সপোন এটা সময়ত এইবোৰক লৈয়ে কটোৱাৰ....
আছিল এটা সময় এইবোৰকে বিৰক্তি পোৱাৰ,
তথাপি আকৌ মেলি মেলি পুনৰ একেবোৰেই  আওৰোৱাৰ ,
অপৰি পক্ক মগজুৰে এই এবছট্ৰেক্ট ধাৰণাবোৰ বুজিবলৈ ব্যৰ্থ চেষ্টা কৰাৰ...

এটা সময় আছিল !

কিন্তু কি যে বিৰম্বনা ,
হেৰাই যায় সকলোৰে ঠিকনা ...

এতিয়া মোৰ যে এইবোৰ একোৱেই মনত নুসোমাই,
কিতাপ মেলিবলৈ লওঁতেই চকু কেইটাই কাৰোবাৰ ষ্টেটাচ , প্ৰফাইল পিকচাৰ ,
ছেলফি , লাইক কমেন্ট কৰিবলৈ উৎপাত লগাই,

হাত খনেও  দেখোন স্মাৰ্ট ফোনটোতেই যে অনবৰতে হাত  ফুৰাই ভাল পায়...

নাজানোঁ কি হৈছে এইবোৰ ,
কি কৰা ভাল...

একোৱেই যে কৰিব পৰা নাই ,
একোৱেই ধৰিব পৰা নাই ,

মনত এটা ভীষণ অস্থিৰতা,
নাম্বাৰ থিয়ৰি , গ্ৰাফ থিয়ৰি বোৰ যে অকস্মাত কিয় কত হেৰাল...!

--প্ৰাণজিৎ বৰুৱা
১৩ জুন ২০১৫



No comments :

Post a Comment