এখন হৃদয় তোমাক উপহাৰ দিলো,
বিনিময়ত তুমি সুখী হোৱা ...
এটা সময়ৰ বুদ্ধ পূৰ্ণিমাৰ সপোন ,
এটা সময়ৰ জীৱন উদযাপনৰ সমল,
এটা সময়ৰ উশাহ ,
আকাশ বতাহ মন জুৰোৱা সুবাস ,
এটা সময়ৰ প্ৰিয় সকলোবোৰ টোপোলা এটাত বান্ধি তোমাক দিলো ,
হাত পাতি লোৱা ...!
এটা মন ,
কিছু চঞ্চলা ক্ষণ ,
কিছুমান অতিৰঞ্জিত ভাবনা ,
(ইমানো ভবাৰ প্ৰয়োজন হয়তো নাছিল )
উৰুৱাই পঠালো পখিলা এটাৰ পাখিত বান্ধি ,
সামৰি সুতৰি থোৱা...
লোৱা,
দুচকুৰ লোতকবোৰ দুহাত মেলি লোৱা,
ছট ফটনি বোৰ , বাউলী সময় বোৰৰ বিষণ্ণতাত
যে তুমি সুখী হোৱা ,
জনাই নাছিলো
এইয়া
হেঁপাহ পলুৱাই চোৱা ...!
বুকুত বিষ উঠাই
হৃদয় ভঙাৰ যন্ত্ৰণাতো যে তুমি ইমান সুখী হোৱা,
ভবাই নাছিলো ,
লোৱা হেঁপাহৰ আছল ভৰাই লোৱা,
কোৱা হলেই হয় দেখোন ,
ইমান অজুহাত নালাগেইটো,
জানোৱেই নহয় হৃদয় খাদক
কিছুমান ভোকাতুৰৰ বাবেই ,
সদায়েই বদনামী ভালপোৱা ...!
লোৱা...
তুমি বিচৰা ,একো দিব নোৱাৰা
এই দুখীয়াৰ
এখনেই হৃদয়...
তাকে তোমাক উপহাৰ দিলো,
বুকু ভৰাই লোৱা,
বিনিময়ত তুমি সুখী হোৱা ...!!
প্ৰাণজিৎ বৰুৱা
২৪ জুন ২০১৫
No comments :
Post a Comment