Saturday, October 21, 2017

ফেচবুকৰ ছোৱালী...

ফেচবুকৰ ছোৱালী...

তাই ফেচবুকৰ ছোৱালী ,
চেলফী কুইন , অপেছাদাৰী মদেল
যিকোনো নাম দি মাতিব পাৰে আপুনি ।

তাইক আপুনি দেখিব যতে ততে ,
যিহেতু
দি এছ এলাৰ বোৰে বিচাৰি ফুৰে তাইক ,
সকলো সময়তে ,

সৰস্বতী পূজা, বিবাহ অভ্যৰ্থনা , পিকনিক , কলেজৰ বাট ,
সকলোতে তাইৰ বিশেষ ভংগীমা ,
যিকোনো ভাজতে তাই  কিন্তু  সঁচাই বৰ ধুনীয়া ।

তাইৰ মাহেকত কেইটিমান টকা
বেছিকৈ যায় নতুন পোছাকৰ নামত ,
যিহেতু তাই চৌখিন ,
সেয়া দেখা যায় তাইৰ নতুন চিলেক্টিভ সাজত ।

তাই  চুলি বোৰ ষ্ট্ৰেইট কৰে,
বেয়া নালাগে ,
ব্লেক দ্ৰেছত তাইক ভালকৈ  শুৱাই পৰে । 

আপোনাৰ চিনাকি ,
তাইৰ হাঁহি ,
আপোনাৰ চিনাকি তাইৰ এটিটিওদ ।
কিবা চেলিব্ৰেটি চেলিব্ৰেটি ,

তাই প্ৰতিখন   ফটোতে 1k প্লাছ লাইক গোটাই,
সেয়ে তাই অহংকাৰী অলপ ,
হোৱাটোৱেই স্বাভাৱিক ।

তথাপি ,
তথাপি
ভাল লাগে আপোনাৰ তাইৰ সকলোবোৰ ।
তাই কিবা এটা কলেই  সেয়ে
আপুনি ৰৈ থাকিব নোৱাৰে ,
সন্মতি প্ৰকাশ কৰি কমেন্ট কৰে ।
তাই প্ৰত্যুত্তৰ নিদিলেও ধৰি  নাথাকে ।

তাইৰ ফটো আহিলেই আপোনাৰ হাতখন আপোনা আপুনি দৌৰ মাৰে লাইক অথবা ৰিয়েকচন এটা দিবলে ।

সেয়া চাই লওক চিনাকি মুখ খন ,
আহিলেই ,
হাত বাউলি মাতিলেই ...

এই কথাখিনি পঢ়ি থাকি সময় নষ্ট কিয় কৰে,

সময় বোৰ বৰ মূল্য বান ।
আপোনাৰ লাইক কমেন্ট বোৰ তাইৰ বাবে অম্ল জান ।

তাই দেখাই সুখী
আপুনি চাই সুখী ।

এইয়াই যে সুখ ,
সকলো সুখৰ কাৰক ,
আপুনিও বাকক ,

নৰব

দিয়ক মৰম প্ৰাণ ঢালি ,
কৈ যাওক প্ৰাণ খুলি,

ফেচবুক খন যে একমাত্ৰ ভাল লগা তোমালোকৰ বাবেই
...
অ  আমাৰ  ফেচবুকৰ ছোৱালী !!


প্ৰাণজিৎ বৰুৱা
২১/১০/২০১৬


No comments :

Post a Comment