Sunday, October 22, 2017

সফল আৰু অসফল মানুহ

পৃথিৱীত সফল আৰু অসফল দুই প্ৰকাৰৰ মানুহ আছে । দুয়োটাৰে মাজত পাৰ্থক্য কেইটিমান

1. সফল মানুহ বোৰে মনত ভবা কিবা এটা কাম আৰম্ভ কৰি দিয়ে

অসফল বোৰে কামটো আৰম্ভ কৰাৰ কথা ভাবিয়েই থাকে ।

2. সফল মানুহ বোৰে কামটোত FAIL হোৱাৰ কথা নাভাবে ,
অসফল বোৰে FAIL হলে কি হব সেইটো চিন্তাতে সময় কটাই দিয়ে ।

3. সফল মানুহ বোৰে মানুহে কি কব এইটো মন নকৰে ,

অসফল বোৰে সেই মানুহবোৰৰ কথা অলপ বেছিকৈ ভাবি থাকে ।

4 সফল মানুহ বোৰে প্ৰথমতে অলপ ঠেকা খাই ,
কিন্তু আকৌ চেষ্টা নেৰে...

অসফল বোৰে আনে ঠেকা খোৱা দেখি চেষ্টাই নকৰে ।

5. সফল মানুহ বোৰে জ্ঞান অৰ্জন কৰে অসফল বোৰেও কৰে ।

কিন্তু সেই জ্ঞানৰ  বাস্তৱত প্ৰয়োগ
মাত্ৰ সফল বোৰে হে কৰে ...

✍ প্ৰাণজিৎ বৰুৱা
© ভাল কথা সুস্থ চিন্তা  positive thinking


No comments :

Post a Comment