এগিলাচ কুঁহিয়াৰ ৰস আৰু
দুটা স্নেপচট
(১)
কুঁহিয়াৰ বেপাৰী জনৰ পৰা কুঁহিয়াৰ ৰস খাবলৈ ডেকা ল'ৰা দুটা বাইক ৰখাই ৰ'ল। বেপাৰী জনে দুয়োকে দুগিলাচ আগবঢ়াই দিলে দুই মিনিটৰ ভিতৰতে । একে সময়তে সাত আঠ বছৰীয়া ল'ৰা এটাই কুঁহিয়াৰ বেপাৰী জনলৈ চাই আছিল ,আশাৰে । সম্ভৱ মন গৈছে তাৰো । অলপ ৰৈ এবাৰ সি মাকক মাতিও আনিলে । সিহঁত হয়তো অসমীয়া নাজানে । সম্ভৱ জনজাতিয় লোক । মাকে সুধিলে কিতনা হে । ২০ টকা বুলি কোৱাত মাক আঁতৰি গ'ল । কিন্তু ল'ৰাটো তাতেই ৰ'ল । তাৰ মন যে খুউব বেছি গৈছিল সেয়া দেখিলেই বুজিব পাৰি । কুঁহিয়াৰ ৰস খাই থকা ডেকা জনে সকলো লক্ষ্য কৰি আছিল ,বেপাৰী জনক উদ্দেশ্যি সি এইবাৰ ক'লে দাদা আৰু এগিলাচ দিব । বেপাৰী জনে আগবঢ়াই দিয়া কুঁহিয়াৰ গিলাচ ডেকা জনে লৈ এইবাৰ হাঁহি মুখেৰে সৰু ল'ৰাটোলৈ আগবঢ়াই দি ক'লে খোৱা । সি কুঁহিয়াৰ গিলাচ লৈ লগালগ ওচৰতে থকা তাৰ মাক হঁতৰ ওচৰ পালেগৈ
মাক আৰু লগতে থকা , তাৰ হয়তো দাদাক আৰু বায়েক হঁতে সুধিলে ক'ত পালে কোনে দিলে ।
বাইক খন চলাই যাবলৈ ওলোৱা ডেকা জনে কিন্তু শুনিলে
"ৱ বাইক বালা ভাইয়া নে দিয়া !
লগতে সি দেখিলেও
একে সময়তে মাক পুতেক জীয়েক হঁতৰ কিবা এটা হঠাৎ লাভ কৰা মুহূৰ্তত মৰা সেই নিৰ্ভেজাল সৰল হাঁহি খিনি ...
(২)
হাঁহি এটা বুকুত বান্ধি তাৰ তিনি ঘন্টাৰ পিছত ঘৰলৈ বুলি উভতা একেজন ডেকাই এইবাৰ তাৰ বাইক খনত সৰু সমস্যা এটাই দেখা দিয়াত , মটৰ গাড়ী ভাল কৰা গেৰেজ এটাত সোমাল । গেৰেজ টোত মুঠ তিনিজন মানুহ । ব্যস্ত হৈ আছে । তাৰে পৰা মুখ্য মেকানিক জনে সকলো কথা শুনি তাৰে আন এজনক কলে ঠিক কৰি দিবলৈ । মুল মেকানিক জনৰ ব্যৱহাৰ খুউব ভাল নম্ৰ ভদ্ৰ । কিন্তু বাইক ভাল কৰা জন যেন অলপ গোমোঠা । কথা বৰ বেছিকৈ নকয় । হাঁহি নাই যেন বৰ দুখী হৈ আছে এটা অন্ধকাৰ অতীত এটা ৰূঢ় বাস্তৱ ককঢ়িয়াই ফুৰিছে তেনেকুৱা লাগিল । যথা সময়ত । ভাল হল বাইক । ডেকাৰ আকৌ খুউব পিয়াহ লাগিছিল । কিন্তু পানী নাই ওচৰত । তেনেতে দুজন মানুহে কুঁহিয়াৰ ৰস বনোৱা গাড়ীখন লৈ ঘৰলৈ বুলি গৈ আছিল । এইবাৰ সি মানুহ দুজনক ৰখাই কুঁহিয়াৰ ৰস দিবলৈ কলে । ডেকাই এগিলাচ খাই কি ভাবি জানো আৰু তিনি গিলাচ দিবলৈ কলে । আৰু সেই খিনি এইবাৰ কাম কৰি থকা তিনি জনক দিলে নিজেই । তেওঁলোকেও লৈ খালে । সম্ভৱ কামৰ মাজত অলপ শক্তিও পালে ।
ডেকা এইবাৰ যাবলৈ ওলাল ,সকলোকে মাত দিলে ,আহিছো দেই তেতিয়াই ডেকাক আচৰিত কৰি এইবাৰ সেই গোমোঠা মেকানিক জনে সম্ভৱ প্ৰথমবাৰৰ বাবে যেন হাঁহি এটি মাৰি কৈ উঠিল দাদা যাওক কিবা থাকিলে আহিব ।
কথা খিনিয়ে ডেকাক খুউব সুখ দিলে ।
ডেকাই কুঁহিয়াৰ ৰসতকৈও সেই হাঁহি দুটাৰ সোৱাদ যেন বেছি মিঠা পালে । সেয়া বুজাব নোৱাৰি অনুভৱ কৰিব হে পাৰি হয়তো । ডেকাই অনুভৱ কৰা এই সুখ আপুনি আমিও লৈ চাব পাৰোঁ ... ইচ্ছা কৰিলে ,
নোৱাৰো নে ? হাঁহি এটা বিয়পাই দি লাভ কৰি পোৱা এনে মাদকতা আমিও.. নিশ্চয় পাৰিম ☺❤
✍প্ৰাণজিৎ বৰুৱা
১৭/১০/১৭
No comments :
Post a Comment