Thursday, October 12, 2017

ভাল লগা কথা কেইটামান

আজিৰ দিনটোত শ্ৰদ্ধাৰ উপায়ুক্ত Debeswar Malakar মহোদয়ৰ পৰা শুনিবলৈ পোৱা কেইটামান ভাল লাগি যোৱা বাণী ...

১.  সফল ব্যক্তিত্বৰ বাবে প্ৰথম স্বৰ্ত যি কোনো ক্ষেত্রতে  অসফলতাৰ বাবে আনক দোষাৰোপ নিদিবা ।

২.  তোমাক কোনোবাই তেতিয়ালৈকে দুখী কৰি তুলিব নোৱাৰে যেতিয়ালৈকে তুমি দুখটো নিজে  গ্ৰহণ কৰিবলৈ সন্মত নোহোৱা ।
আমাৰ জীৱনত লাভ কৰা প্ৰায় বোৰ অসন্মান আমি নিজেই আদৰি লোৱাৰ বাবেহে হোৱা  ।

৩.  শাৰীৰিক বা মানসিক বাধা গ্ৰস্ত জন অক্ষম নহয় ,
অক্ষম  সেইজন হে যিজনৰ  মনত অক্ষমতা সোমাই থাকে ।

৪. আমাৰ পৃথিৱীলৈ আহোঁতে সকলো মানুহকেই ভগৱানে কিছুমান  ৰঙীন টোপোলাত কিছুম�ান উপহাৰ দি পঠিয়াই  যদিও দুখৰ বিষয় আমি বেছি সংখ্যকেই তাৰ বেছিভাগ টোপোলা নুখুলাকৈয়ে জীৱন পাৰ কৰি দিওঁ ।

৫. জীৱনৰ লক্ষ্য ডাঙৰ হব লাগে,
সৰু লক্ষ্যক অপৰাধ বুলি গন্য কৰা হয় ।

৬. তুমি কোনোবা এটা কামত সফল হবলৈ হলে কামটো সম্পূৰ্ণ কৰাৰ দৃঢ়তা মনত বান্ধি লব লাগিব ।

৭. সফলতাৰ কোনো ছুটি পথ নাই । কোনোবাই যদিও কিবা চমু পথেৰে সফল হব পাৰিছে তেন্তে সেয়া ক্ষণস্থায়ী ।

৮. এই পৃথিৱীত যদি এদিনো জীৱনত কেতিয়াও  কোনো সমস্যা নোহোৱা মানুহ কোনোবাই লগ পাই তেন্তে সেই মানুহজন সংগ্ৰহালয়ত থকাৰ যোগ্য ! ☺

৯. মানুহৰ চকুৰ সন্মুখত সদায় দুটা পথ থাকে । এটা বন্ধ এটা খোলা । লক্ষ্য পাবলৈ সক্ষম হোৱা মানুহ বোৰ ইতিবাচক তেওঁলোকে খোলা বাটেৰে বাট লয় আৰু নেতিবাচক সকলে লক্ষ্য নোপোৱাৰ বাবে বন্ধ পথটোৰ অজুহাত লয় ।

  ১০.  যদি কোনো কামত  সততা থাকে আৰু সেই কাম সফল কৰোঁতে যদি দহ খোজৰ প্ৰয়োজন হয় তাৰে ন খোজত ভগৱানেই যি কোনো প্ৰকাৰে  সহায় কৰিব ।

কথাখিনি বহুত দিনলৈ বুকুত বান্ধি লৈ ফুৰিম । মনটো সবল হব ।

ধন্যবাদেৰে
প্ৰাণজিৎ বৰুৱা
৩/১২/২০১৬


No comments :

Post a Comment