Friday, March 28, 2014

আকস্মিক বক্তৃতা বিষয় : প্ৰেম মানে বাবাজীকা থুল্লু !

আকস্মিক বক্তৃতাৰ বিষয় এটাৰ কৌতুহলী  উপস্থাপন ।
বিষয় :- ''প্ৰে........মানে বাবা .$$..... $$  থুল্লু$''

এবাৰ আকস্মিক বক্তৃতা প্ৰতিযোগিতা এখনত ৰসৰামৰ ভাগত বিষয় এটা পৰিল । বিষয়টো 'প্ৰেম মানে বাবা  ... কা থুল্লু "

ৰসৰামটো এনেবোৰ competitiont expert সিও আৰম্ভ কৰিলে তাৰ ভাগত পৰা topic টোৰ বিষয়ে কবলৈ । সি কি কৈছিল তাকে হুবহু ইয়াত লিখি দিলোঁ ...

"...
নমস্কাৰ মোৰ নাম ৰসৰাম,
আজি মোৰ ভাগত যি বিধ বিষয় পৰিছে তাক প্ৰথমেই সাষ্টাংগে প্ৰণাম ।

এইবিধ বস্তু বিৰাটেই ফেমাচ,
কিছুমানৰ বাবে ই ফাৰ্ষ্ট ক্লাছ কিছুমানৰ বাবে মাথোঁ বকৱাচ ।

এইবিধ বস্তুক আমি bombay ka laddu বুলিও কব পাৰো যি ইয়াৰ সোৱাদ পাই সিও পষ্টাই নোখোৱা জনেও পষ্টাই ।
ইয়াৰ হিন্দীত আখৰ হেনো ঢাই ,
যিমানেই আখৰ নহওঁক কিয় এই বস্তুটো তামাম হাই ফাই ।

ইয়াৰ প্ৰকাৰো আছে ভিন ভিন,
মাতৃ পিতৃ  ভাতৃ ভগ্নী আদি বিভিন্ন সম্পৰ্কত পোৱা যায় ইয়াৰ চিন ।

মোৰ ভাগত পৰা বিষয়টো পিছে এইবোৰ সম্বন্ধৰ লগত সিমান খাপ নাখাই,
কাৰণ আজিকালি যে bf gf ৰ বাদে কোনোৱে হেনো কাকো ভালেই নাপাই !

নাপাওঁ বুলি জানিও পাম পাম কেতিয়াবা বুলি আশা কৰি থকাটোৱেই সেইটো  ।
নাপালে হৃদয় খন ভাঙি দেৱদাস হোৱা বস্তুটোৱেই সেইটো ।
যাৰ বাবে সকলো বিসৰ্জন দিব পাৰি ,
যাৰ বাবে অকলেই সমগ্ৰ পৃথিৱীৰ সৈতে যুজিব পাৰি ।
যাৰ বাবে দুচকু থাকিও হৈ পৰে মানুহ অন্ধ,
যাৰ বাবে জান সোনৰ অধিকাৰী মানুহবোৰ হৈ পৰে এসময়ত ঠগ বা ভণ্ড ।
বনাব পাৰে পণ্ডিতক মূৰ্খ  যি,
কামিলাক ধোদ ,
এলেহুৱাকো কামিলাও বনাব পাৰে  সি।
তাৰ জহতেই হেৰুৱাই কোনো কোনোৱে নেম এন্দ ফেম ,
সি হৈছে পৃথিৱীৰ আটাইতকৈ জঘন্যতম গেম,
none other than  সি ইজ one and only বকবাচ #প্ৰেম!
যি বনাব পাৰে পৃথিৱীৰ সকলো জ্ঞানীকেই এবাৰ হলেও উল্লু ,
সেই প্ৰেমৰেই অন্য এক নাম বাবাজী কা থুল্লু ।"

result : ভবামতেই প্ৰতিযোগিতা খনত ৰসৰামেই 1st prize
পালে আৰু দৰ্শকৰ এগালমান বাহ বাহো পালে । 
আমাৰো জ্ঞানৰ ভৰাল টনকিয়াল হোৱাত
আনন্দ মনেৰে গুচি আহিলো ।


No comments :

Post a Comment