Friday, March 28, 2014

এনেকৈ কবলৈ থকাহেঁতেন ...

এনেকৈ কবলৈ থকাহেঁতেন ....

এনেকৈ কবলৈ থকাহেঁতেন ...
তুমি ক'লা ছাৰ্টটো নিপিন্ধিবা ভাল নালাগে  ।
আৰু মোছ খিনি নাৰাখিবাছোন দেখি কেনেকুৱা লাগে !
তুমি ফিট হৈ বাইক খন চলাবা, তামোল কিয় খোৱা বেয়া বস্তু বোৰ নাখাবা ।
এনেকৈ কোনোবা কবলৈ থকাহেঁতেন ...
বিদ্যা আখৰে আখৰেই মানিলোহেঁতেন ।

''এবাৰ কৈ দিব মোৰ শপত চিগাৰেট নুচুবা !'
জিন্দেগী চিগাৰেটৰ ফটোও নাচাওঁ ।
এবাৰ যদি কলেহেঁতেন মদ নাখাবা !
মদৰ ছাঁটোও কোনোদিনে হাত নলগাওঁ ।
এনেকৈ কোনোবা কবলৈ থকা হেঁতেন,
চাল্লা মই চাগে আটাইতকৈ ভাল মানুহটো হৈ গলোহেঁতেন ।

তাই ধুনীয়া জনী হৈ আহি মোৰ আগত এটা এটাকৈ অভিমানেৰে  তাইৰ আব্দাৰবোৰ কৈ গলহেঁতেন ,
আৰু মইয়ো বিনা প্ৰতিবাদে মানি গলোহেঁতেন ।

কিমান যে ভাল হল হয়...
যদি এনেকৈ কবলৈ কোনোবা থকা হলে,
পৃষ্ঠা পৃষ্ঠা যোৰা কবিতা লিখিলো হয় ,
জোন বেলি তৰা কোনো বাদ নপৰিল হেঁতেন !
তাইক তুলনা কৰিবলৈ হয়তো শব্দবোৰো কম হৈ পৰিল হয় ।

"মোক লৈ ইমান ধুনীয়া কবিতা নিলিখিবাছোন মই পাগল হৈ যাম !"
--কি যে অনুভৱ হলহেঁতেন
যদি সচাঁকৈ এনেকৈ কবলৈ কোনোবা থকাহেঁতেন ।

যদি মই ভাল হোৱাটো কোনোবাই সচাকৈয়ে বিচাৰে,
মোৰ বদ অভ্যাসবোৰ চাগে কৰ্পূৰ হৈ উৰি গলহেঁতেন ।
মোৰ জীৱনৰ প্ৰতি কাৰোবাৰ মায়া থকা হলে ;
বাইকৰ স্পীদ চাগে ভুলতো 80-90 নহলে হেতেন ।

ভোবোকাৰ হৈ নাথাকিলো হেঁতেন কোনোদিন ।
পিন্ধা উৰাতো  দিলোঁহেঁতেন বোধহয় চকু ।
আইনা খনো তেতিয়া মোৰ প্ৰিয়ই হলহেঁতেন হয়তো !

জীৱনটো সজাবলৈ ভীষণ ব্যস্ত হৈ পৰিলোঁহেতেন চাগৈ ।
মই যে স্মাৰ্টো হৈ পৰিলোঁহেঁতেন তেতিয়া খুউব ।
এখন বেলেগ পৃথিৱীৰ বাসিন্দা হৈ মইটো
উৰিয়ে ফুৰিলোঁহেঁতেন ।

জানে ?
যদি সঁচাকৈয়ে এনেবোৰ কথা কবলৈ থকাহেঁতেন কোনোবা ,
মই সম্ভৱ,
সঁচা অৰ্থত
জীয়াই থাকিলোঁহেঁতেন !!

© প্ৰাণজিৎ বৰুৱা
২০ মাৰ্চ ২০১৪


No comments :

Post a Comment