Monday, July 7, 2014

ষ্টেটাচ

# ষ্টেটাচ ...

ফেচবুক কৰাৰ পৰা কিছুমান শব্দ তেনেই
চিনাকি হৈ পৰিল ।
like ,comment ,tag ,,share,,, poke,,,, wall,
profile picture...etc
এই শব্দবোৰ এতিয়া যে একেবাৰে আপোন
হৈ পৰিল,
কোনোবাই কিবা ভাল
লগা কথা এটা কলেই এতিয়া
বাস্তৱত আপুনা আপুনি ভিতৰৰ পৰা sound
এটা আহে প্ৰাণজিৎ লাইক এটা কৰি দে

কৰবাত ভাল কথা এটা পঢ়িলেও একেই শব্দ
শ্বেয়াৰ option টো কত আছে??
কৰি দে !
কেনেবাকৈ নিজৰ ধুনীয়া ফটো এখন
দেখিলেও ভাৱ আহে
কৰি দিওঁনেকি বাৰু প্ৰফাইল পিকচাৰ ...
(like comment আৰু নতুন নতুন ফ্ৰেণ্ড
ৰিকুৱেষ্ট লাভ কৰাৰ হেপাঁহত ! )

হা হা !
বাৰু সেইবোৰ থাকক !
এতিয়া
বেলেগ এটা কথালৈহে আহো ...
কথা মানে এটা শব্দ
'ষ্টেটাচ ' ।

আগতে ষ্টেটাচ মানে বেলেগ
কি বুজিছিলো বাদ দিয়ক !
এতিয়া ষ্টেটাচ মানে হৈছে মনোৰঞ্জনৰ
খোৰাক,
জনপ্ৰিয়তা ,ন ন চিন্তা,প্ৰতিবাদ,বিতৰ্ক
ইত্যাদি অসংখ্য চিন্তাৰ ফচল আৰু
বৰ্হি প্ৰকাশ ফেচবুকৰ পৃথিৱীত ।
সেয়ে আহক চোন আজি
ফেচবুকৰ কেইটামান কমন ষ্টেটাচৰ
পৰ্যালোচনা কৰো ..!

(কোনেও যাতে বেয়া নাপায়
এইয়া মনোৰঞ্জনৰ অৰ্থেহে প্ৰচাৰিত
::-) )

(১)
good morning / good night friends ...
এই বিধ হৈছে fb ৰ আটাইতকৈ জনপ্ৰিয়
ছুটি তথা সাধাৰণ ষ্টেটাচ ।
লৰা ছোৱালী নিৰ্বিশেষে ইয়াৰ ব্যৱহাৰ
। যেন তেওঁলোকে সকলো বন্ধুৰ ৰাতি আৰু
দিনটো good কৰাৰ ঠিকা লৈ থৈছে ।
তেওঁলোকৰ এই ষ্টেটাচত হে যেন আমি গম
পাওঁ ৰাতি পুৱালে উঠিব হল ।
বা ৰাতি হৈছে শুই থাক গৈ যা ।
লাগিলে আপুনি যিমানেই দুখত থাকক
তেওঁলোকৰ good morning tagত আপোনাৰ সব
good হৈ যাব,
যাব মানে যাবই লাগিব অন্যথা তেওঁৰ
অভিমানী মেচেজ এটা পাবই
আপুনি যে "মোৰ ষ্টেটাচত লাইক কমেন্ট
নিদিয়ে
কিয় ?

থেংক ইও দেই fb ৰ এলাৰ্ম ক্লক ষ্টেটাচ
দিয়া সকল ।

(২) feeling alone...missing someone
এইবিধ ষ্টেটাচো প্ৰায়
লৰা ছোৱালী দুয়োবিধ
প্ৰাণীয়ে সমানেই দিয়ে ।
বিশেষকৈ ব্ৰেক আপ
কৰা জীৱবোৰে ইয়াক বেছি ব্যৱহাৰ
কৰে যদিও কোনো কোনো single মানুহেও
কৰা দেখা যায় । এৰা তেওঁলোকৰ বৰ দুখ
girlfriend ,
boyfriend এ এৰিলে বা নাইয়ে যেতিয়া
তেওঁলোকৰ নো কোন আছে ?
মাক দেউতাক ভাতৃ ভগ্নী বন্ধু
মাহী পেহীবোৰ জানো মানুহ ?
তেওঁলোকৰ লগত জানো সময় কটাব পাৰি !
নোৱাৰি কেতিয়াও নোৱাৰি...
তেওঁলোকে আছলতে আমাক বুজিয়েই
নাপাই ,
অলপো আমাৰ কথা নাভাবেই ,
care নলয়েই অলপো !
খালি জন্ম আৰু কষ্টৰে ডাঙৰ
দীঘলহে কৰিছে !
বুজিটো অকল সেই gf আৰু bf বোৰেহে পায়
সেইয়ে লাঠ মাৰি গল নহয়নে ?
হুহ !
এনে ষ্টেটাচত মোৰ যে
চকু পানীয়েই ওলাই যায়গে অ ইমান দুখ

(৩) i love zu...
pap...বেয়া !
i like pap... too much
zub... ফাল্টু,
হিন্দী গান গোৱাটো ভাল / বেয়া etc etc
হা হা এইবিধ ষ্টেটাচ বেলেগ
মজা লাগে দেখি । বিশেষকৈ ষ্টেটাচৰ
কমেন্ট বোৰ পঢ়ি আৰু এটা চিন্তা হৈ যায়
সঁচায়ে এওঁলোকৰ দুয়োজনৰ কোন ভাল কোন
বেয়া । কোনে বাৰু ভালকৈ গাই ।
সঁচাকৈয়ে দুয়োজনক ভাল পালে বাৰু
কিবা জগৰ লাগিব নেকি??
চিন্তাই হৈ যায়
আৰু ইমান গৱেষণাৰ বিষয় নে তেওঁলোক
বাৰু ।
হিন্দী গোৱা নোগোৱা ইমানেই
বিচাৰ্যৰ বিষয় তৰ্ক
কাজিয়া গালি গালাজৰ বিষয় নে??
...
শেষত ভাবো
ধুৰ
বাদ দিয়া হে !
কোনে কি কয়,
zg aru papon দুয়োৰে গান ভাল পাওঁ
দুয়ো অসম গৌৰৱ বাকী বোৰকো ভাল পাওঁ

মুঠতে গান ভাল গায় আৰু মোৰ কাম গান
শুনা গতিকে বাকী
বোৰ কথা বাদ দি শুনি থাকা বিন্দাছ মন
মোৰ উৰি গুচি যায়...
পাখি পাখি মোৰ মন ...

(৪)
add me frind ...i m block ...
please give me your request if u wanna be my
friend...
give me like then i will like back to your profile
picture.. etc etc
এইবিধ প্ৰাণী তামাম জিনিছ আৰু দেই!
বিশেষকৈ পুৰুষ
সমাজে বেছি কে দিয়ে এনেকুৱা status
আৰু comment,
ছোৱালীৰ ষ্টেটাচ আৰু ফটোৰ তলত ।
কিনো কম তেওঁলোকৰ জীৱনটোত
অক্সিজেন কম ,
লাইক ,ফ্ৰেণ্ড ৰিকুৱেষ্টেৰ আদিৰ
দ্বাৰাহে বেছি উ�শাহ
লোৱা দেখা যায় ।
খাওঁতে শোওঁতে অনবৰতে like বঢ়োৱা আৰু
চেনি খাবলৈ ছোৱালী friend বিচৰাৰ
ধান্দাত থাকে ...
এওঁলোকৰ পৰা সাৱধ�ানে থকাই ভাল


(৫) অন্যান্য ...
অন্যান্যত সময়ে সময়ে বিভিন্ন
চিন্তা কৰ্ষক মনোগ্ৰাহী ষ্টেটাচ
পোৱা যায় । বিভিন্ন তথ্য পোৱা যায়,
সঁচাকৈয়ে হাঁহিব পৰা ৰগৰ
আদি পোৱা যায় যিবোৰে আমাক বহু
পৰিমাণে fb ত বৰ্তি থকাত সহায়
কৰিছে লগতে । এই fb ৰ বাবেই বহুতো কবি,
অকবি আদিৰ সৃষ্টি হৈছে ,
ভাল বেয়া যিয়েই নহওঁক অসমীয়া
সাহিত্যৰ প্ৰতি অলপ মান
ধাউতি বাঢ়িছে । আগতে কিতাপৰ কটোও
নপঢ়াবোৰে অন্ততঃ কিবা ,এটা পঢ়িছে,
কোনোবাই নতুনকৈ হলেও লিখাৰ
চেষ্টা কৰিছে । সফলতা বিফলতা বাদ
অসমীয়া কেইবাখনো e megazine , blog
আদি ,
প্ৰথম�তে আৰম্ভ কৰা এনে অপৈনত
ষ্টেটাচৰে ফচল । বাতৰি আদিতো fb ৰ
লিখনি ওলাইছে কেইবাখনো কিতাপো ওলাইছে ।
সঁচাকৈয়ে এই বিভিন্ন ষ্টেটাচ বোৰৰ
এনে বহুতো যোগাত্মক প্ৰভাৱ
পৰাটো সঁচায়ে আদৰণীয় । আৰু
ৰাজনৈতিক সমালোচনাৰ
ষ্টেটাচে কেনে স্থান দখল কৰিছে fb ত
সেইয়া নকলেও হয় ।
যিয়েই নহওক ভাল ষ্টেটাচ
দিয়াটো আপোনাৰেই credit ...
সেইবুলি আনৰ ষ্টেটাচ copy paste নকৰিব
হলে দেই । চুৰি বিদ্যা মহাপাপ !
জয় fb জয়তু fb ষ্টেটাচ !
কৃষ্ণ !

--প্ৰাণজিৎ বৰুৱা
১১ মে ২০১৪


No comments :

Post a Comment