এই পৃথিৱীত ৭ বিলিয়ন মানুহ আছে,
কিন্তু মই তোমাকহে বিছাৰোঁ ...
...
১
সাগৰৰ মাছেও নুবুজে,
আকাশৰ চৰাইয়েও নুবুজে,
তুমি মোৰ বাবে কি হয় ?
সেইয়া নুবুজে কোনেও,
একমাত্ৰ ব্যতিক্ৰম
মোৰ
আলফুল হৃদয়...!
২
এহাতে এটা চুপাৰ কম্পিউটাৰ লোৱা,
এহাতে আইনষ্টাইন নিউটন কোনোবা এজনক বঢ়াই থোৱা,
হাজাৰ কেলকুলেচন হাজাৰ ফৰ্মুলা লগোৱা,
মই নিশ্চিত কোনোৱে উলিয়াব নোৱাৰে এই হিচাপ,
কিমান ভাল লাগিলে হব পাৰে কোনোবা কাৰোবাৰ
একান্ত ভালপোৱা ...!
... ৩
ফুল বোৰ কিয় ইমান ধুনীয়া?
পাহাৰখন ইমান ওখ কিয়...
আকাশ খন ইমান বিশাল,
গছবোৰে কথা নকয় কিয়?
আছলতে...
সকলো কিয়ৰে
উত্তৰ নাথাকিবওটো পাৰে,
সেইয়ে নুসুধিবা
তুমিয়েই কিয় মোৰ প্ৰিয় ...?
...
৪
চাব নিবিচাৰো বৰ্ণিল ৰামধেনু,
নালাগে নাচাওঁ দিয়া
মনোমোহা গধুলিৰ স্নিগ্ধ জোনাক ,
পাৰা যদি এবাৰ,
হাঁহি দিবা ,
হাঁহিলে সঁচাকৈয়ে অপূৰ্ব
ধুনীয়া দেখি তোমাক ...!
...
ক্ৰমশঃ ...
বেছি অহংকাৰ নকৰিবা,
তুমিয়ো অলপমান ভাগ্যবানেই বাৰু...
যিহেতু
এই পৃথিৱীত ৭ বিলিয়ন মানুহ আছে
আৰু
মই যে তোমাকহে বিচাৰোঁ...!
--প্ৰাণজিৎ বৰুৱা ।
২৬/০৬/২০১৪
No comments :
Post a Comment