Monday, July 7, 2014

ভন্টি ডাঙৰেই হল...

ভন্টি ডাঙৰেই হল...

মই গমেই নাপাওঁ ,
ভন্টি ডাঙৰেই হল !

তাই আজিকালি
কাজিয়া নকৰাই হল ...

হি হি
তাই আজিকালি
মোলৈও লাজ কৰা হল ,
তাই লুকাই চুৰকৈ
কাৰোবাৰ লগত
ফোনত কথা পতা হল ...

তাই সঁচাকৈয়ে ডাঙৰ হল ।

ফুটুকী ফুটুকী ফ্ৰকৰ পৰিৱৰ্তে তাই
চুৰিজাৰ ,
কুৰ্ত্তা ভাল পোৱা হল ,

বুঢ়ী আইৰ সাধুবোৰ আজিকালি নুশুনে,
মোক কৰবালৈ লৈ যাবলৈ নুকুটুৰে,

তাই নিজেই যলৈ তলৈ যাব পৰা হল
তাই ডাঙৰ ডাঙৰ কথা বুজি পোৱা হল ...!

জানে?

তাই আজিকালি কিবা কিবি লিখেও
হেনো ধুনীয়াকৈ ,
কবিতাৰ
নায়কো আছে হেনো কোনোবা ...
ঘুনুক ঘানাকৈহে মই শুনা !

ভন্টি ডাঙৰেই হল...

তাই আজিকালি
মোক লৈ চিন্তাত পৰে হেনো ...

মই নিবনুৱা হৈ থকা দেখিলে
তাইৰো চিন্তা হয় বোলে ,
তাইয়ো মা দেউতাৰ দুখ বুজি পোৱা হল !

চেহ !
ভন্টি জনী ডাঙৰ হল,

বেয়া হল ...

হয়তো ,
মোৰ ভন্টি বেছিদিন নাথাকিব মোৰ
সৈতে ,
সোনকালেই শুনা পাম হয়তো,
কোনোবাই
মোক মাতিব ,

"দাদা আপোনাৰ ভন্টি আজিৰ পৰা আমাৰ
ঘৰৰ
লখিমী হল ...!"

ধেত...

কিয়নো বাৰু
ভন্টি ডাঙৰ হল অ' ??

--প্ৰাণজিৎ বৰুৱা
১০ জুন ২০১৪


1 comment :

  1. বহুত বহুত ভাল লাগিল কবিতাটি পঢ়ি।

    ReplyDelete