Monday, July 7, 2014

মই ঘোচ খামেই খাম তই কি কৰিবি ...?

মই ঘোচ খামেই খাম তই কি কৰিবি ...?

আপোনাৰ প্ৰাপ্য দৰ্মহাৰ বিল বনোৱাৰ নামত ,
আপোনাৰ লৰাৰ জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ নামত ,
একাপ চাহৰ দাম লমেই লম !
আপুনি কি কৰিব ?

আপোনাৰ কাম অফিচত পেলাই ৰাখিম হাতত খমখমীয় হাজাৰ টকীয়া গুজি নিদিয়ালৈকে,

আপোনাক অফিচলৈ তাত বাতি কৰোৱায়েই থাকিম এখন এশ টকীয়া তামোল নুখুৱালৈকেয়ে...
আপুনি কি কৰিবহে ??

উহু নাছাওঁ,
আপোনাৰ বয়স কিমান ,
নাছাওঁ আপোনাৰ উপাৰ্জন কিমান ...
বাদ দিয়কহে ,
আপোনাৰ চিন্তাক্লিষ্ট মুখলৈয়ে নাছাও আমাৰ পকেট গৰম নোহোৱালৈকে ,
আপুনি কোন চিনিয়ে নাপাওঁ...
কিনো কৰিব আপুনি ??

ন' পাৰ্কিংত গাড়ী ৰখাই  দি দিয়ক এখন এশ টকীয়া ,
আমিয়েই আপোনাক চেলুট মাৰি দিম ...
টকা দুহেজাৰ গুজি দিয়ক, আপোনাৰ এবছৰে উলিয়াব  নোৱাৰা লাইছেন্স খন দুদিনতে উলিয়াই আনিম ...!

মাত্ৰ আপুনি আমাক সুখত ৰাখক,
আপোনাকো আমি সুখী কৰিম...!

খালী ,
আমি ঘোচ খামেই খাম আপুনি কি কৰিব  ?

আমি ঘোচ খালেও সকলোতেই আমাৰেই দিমান্দ বুজিছে,

ল'ৰা ছোৱালীক দিছো বিচৰা সকলোবোৰ ,
ভাতৰ লগত খাইছো ছশ টকীয়া জীয়া মাগুৰ !
লৈছো বিলাসী গাড়ী ,
দিছো বিভিন্ন অনুষ্ঠানত বৃহৎ অনুদান আৰু ...
আৰু
চাল্লা
আমিয়েই পাওঁ আটাইতকৈ বেছি সন্মান হে !
আমাক নো আৰু লাগে কি ?

বুজিছে ,
আপুনিও প্ৰতিবাদ কৰিবলৈ এৰক,
মেনেজ কৰিবলৈ শিকক...!

'এহাতে দিয়ক আৰু কামটো কৰি নিয়ক ...' -
--মানি লওঁক এই নীতি ,
আপুনিয়ো সুখী আমিও সুখী !

আপোনাৰ প্ৰতিবাদে আমাৰ নোম এদালো লৰাব নোৱাৰে ,
কাৰণ ,
আমি ঘোঁচ খোৱাবোৰেই এতিয়া সমাজত সংখ্যা গৰিষ্ঠ ...!

সেইয়ে ,
এতিয়াও মই চিঞৰি চিঞৰিয়ে কৈছো ,
আমি ঘোচ খামেই খাম আপুনি কি কৰিব ?

একো কৰিব নোৱাৰে...

-- প্ৰাণজিৎ বৰুৱা ।
ফোন নং -9706129369
কোঁৱৰ গাঁও
উত্তৰ লক্ষীমপুৰ ।


No comments :

Post a Comment