Saturday, May 30, 2020

আমাৰ ঘৰৰ মেকুৰী তিনিটা

কবিতা বুলি নহয় এটা সম্পৰীক্ষা কৰি চাইছোঁ ।তলৰ কবিতটো যদি এবাৰ সম্পূৰ্ন কৈ পঢ়ি উঠে , মই নিশ্চিত আপুনি আকৌ এবাৰ পঢ়িব লাগিবই 😊👍

আমাৰ ঘৰৰ মেকুৰী তিনিটা ...

আমাৰ ঘৰত তিনিটা মেকুৰী আছিল ,
এটা বগা , এটা মুগা  আৰু এটা ক'লা ,
বগা মেকুৰীটোক মা দেউতা দাদা ভাইটি সকলোৱে ভাল পাই ধুনীয়া বুলি ,
ভালৰ ভালটো সি খাই ,
ভাল ঠাইলৈ ফুৰিবলৈ যায় ,
ভাল মিঠাই আনিলে প্ৰথমে তাৰ মুখলৈকে যায় ,
অৱশ্যে
তাৰ পুতৌ উপজিলে কেতিয়াবা এৰেহাকণৰ ভাগ ,
মুগা আৰু ক'লাইও পায় ,
কিন্তু মুগাৰ আত্মসন্মান বেছি বাবে নাখায় ,
সেইবোৰ
ক'লাৰ পেটলৈকে সোমাই ।

ইফালে মুগাই  তাৰ মাজতো নিজ প্ৰতিভাৰ বলত ,
নিগনি চিকাৰ কৰে ,
নিজ দক্ষতাৰ কোবত ,
বগাৰ মিঠাইৰ ভাগ আজুৰি আনে,
কেতিয়াবা দুখ লাগিলে ক'লাক সিও যাচে,
তাৰ আকালো নাই ভঁৰালো নাই ,
মুগাই এনেকৈ মাজে মাজে চলে ।

ক'লা দেখিবলৈ বেয়া হোৱাত ভন্টিয়ে প্ৰায় পুতৌ কৰে তাক , সময়ে সময়ে ,সুদাই নিকাই হলেও ,
ভাত কেইটাৰ যোগাৰ ধৰে ,
কষ্ট ক'লাইও কৰে কিন্তু প্ৰায়ে সি
আনৰ হাতলৈ বাট চাই থাকে ।

কিন্তু এইখিনিতে কথা এটা মন কৰোঁ ,
আমাৰ ঘৰৰ বেছি নিগনি মাৰি মুগাই উপকৃত কৰে ,
যদিও তাৰ গুৰুত্ত্ব নাই
বগা ভাগ্যৰ বলত  আৰু কলা দুৰ্ভাগ্যৰ বলতেই নহওক কিয় ঘৰৰ নয়নমনি হৈ সময় বোৰ কটাই।

তেতিয়াই  এটা ভাব আহে মনত ,
যদি আমাৰ ঘৰখন 
ঘৰ নহৈ এখন দেশ হলহেঁতেন ,
তেন্তে নিশ্চিত ভাবে হয়তো মুগাৰ পিঠিত
মধ্যবিত্তৰ এটা টেগ হলহেঁতেন ।

নহয়নে  ?

✍️প্ৰাণজিৎ বৰুৱা
২৯ মাৰ্চ২০২০


Friday, May 15, 2020

পিতাই ( edited)

পিতাই 

পুৱাই সকলোতকৈ সোনকালে শুৱাপাটীৰ উঠা মানুহজন কোন,
বাৰীৰ ঢাপত জিকা ৰোৱা মানুহজন,
তিনিজনী গাই গৰুৰ গোবৰ পেলাই
গাখীৰ খিৰোৱা মানুহজন ,
মোৰ পিতায়েই হয়চোন !

পিতায়ে কন্দা ,আজিলৈ দেখা নাই,
পিতাইৰ কি দুখ নাই !
ওহোঁ পিতায়ে আমাক সাহস দিবলৈকে ,
চাগে সকলো দুখ চাগে' মনতে থয় ঢাকি...
নিদিয়ে দুখবোৰ চকুলো হৈ যাবলৈ উটি,
পিতাই সাহসী ,
বহুত সাহসেৰে জীৱনটো অকলেই যায়  যুঁজি ...

পিতাইৰ তিনিটা চোলা , দুটা পেন্ট
আটোমটোকাৰীকৈ ৰাখে তাকে,
পিন্ধি ফুৰে জীৱনটো ...
আৰু আমাৰ বাবে সাচি থয়
পৃথিৱীৰ সমস্ত সুখ ,
সহি যায় অকলেই অলেখ কষ্ট আৰু দুখ !
আস ! পিতাইৰ যে কি আপোনভোলা মনটো ...

আমাৰ লেভিছ দেনিজেন ,
পাৰ্ক এভিনিউৰ সুবাসৰ বাবেই
পিতায়ে মাটিত পেলাই যায় ঘাম ,
আমাৰ প্ৰতি সাজ মাছ-মঙহৰ ভাতৰ বাবেই
কৰি যায় দুগুণ উৎসাহেৰে কাম,
নিজৰ বাবে গেঞ্জী এটা কিনিবলৈও
চিন্তা কৰে হাজাৰ বাৰ,
পিতায়ে কিন্তু এবাৰো নুসুধে
আমাৰ বিলাসী সামগ্ৰীবোৰৰ কিমান দাম ,
সকলোবোৰ যোগাৰ দি যায়
বিনা প্ৰতিবাদে ,
আমাৰ সুখৰ বাবেই পিতায়ে কৰি যায়
জীৱনজুৰি এই সংগ্ৰাম ...
পিতাই তোক হাজাৰ বাৰ চালাম !

পিতাইৰ সপোন বোৰ হেনো
আমাৰ পৰাই আৰম্ভ
আমাতেই শেষ,
তেওঁ নিজৰ সপোনবোৰ আমাৰ দ্বাৰা পুৰাব খোজে,
আমাক শিক্ষিত কৰি তুলিবলৈ আওমৰণে যুঁজে,
পিতায়ে আমাৰ ওপৰত কেতিয়াও
একো বোজা জাপি নিদিলে ,
তেওঁ আমাৰ সকলো আশা , বিচৰা সকলো বোৰ
একো নোকোৱাকৈয়ে মনৰ অদৃশ্য
সাকোঁ এদালেৰেই যেন দেখে ,বুজে !

পিতাই মোৰ সহজ সৰল,
পিছে মনটো আৰু জ্ঞানৰ ভঁৰালটো
তেওঁৰ বৰ বহল ,
পিতায়ে কথাবোৰ খুউব গহীনাই কয় ,
বহু কাহিনীয়েই তেওঁৰ মনত ৰয় ।
তেওঁ ভাগৱত পঢ়ে, আলোচনী পঢ়ে ,
অলপ  টিভিৰ সমুখত  বহে ,
আৰু প্ৰায়েই  মাৰ গালিবোৰো মনে মনেই সহে ,
হাঃ হাঃ পিতাই বৰ সহনশীল ...

পিতাইৰ মনটো চঞ্চল হোৱা দেখা নাই,
আমাৰ বিপদৰ সময়ত তেওঁ প্ৰায়েই
ধৈৰ্যৰে বাট দেখুৱায়,
পিতাইয়ে যি দৰে সকলো ছাত্ৰ ছাত্ৰীৰ
জীৱন পোহৰায়
আমাকো  বহু কথা প্ৰতি দিনেই শিকাই যায় ...

মোৰ বাবে ভগৱান, দেৱতা  মোৰ এই পিতাই,
যি মোৰ মুৰত আলফুলে হাত ফুৰাই,
দুখত সান্ত্বনা , সুখত উৎসাহ ,
বিপদত বাট দেখুৱাই ,
সমস্ত জীৱনটো  যি আমাৰ বাবেই উৎসৰ্গা কৰি যায় ,
হয় ,সকলোতকৈ শ্ৰেষ্ঠ মোৰ এই পিতাই  !

--প্ৰাণজিৎ বৰুৱা
ফোন : ৭০০২৯০৪১৩১


Friday, September 6, 2019

হেপি টিচাৰ্চ দে ... (গল্পৰ দৰে)

হেপি টিচাৰ্চ দে ...
(গল্পৰ দৰে)

জপনাখন খুলি চাইকেল খন ঠেলি হৰকান্ত মিস্ত্ৰী ঘৰলৈ সোমাই আহিল । হাতত এটা ডাঙৰ বৰালি মাছ । তেনেতে
ঘৈণীয়েক মালতী ওলাই আহি হৰকান্তৰ হাতৰ  বৰালি মাছটো দেখি আচৰিত হৈ সুধিলে ,
কালি দেখোন ডালি ১ পোৱা আনিবলৈ কওঁতে পইচা নাই  বুলি নানিলে , আজি ইমান ডাঙৰ বৰালিটো কিনিবলৈ ক'ত পইচা পালে ।
হৰকান্তই ধুনীয়া হাঁহি এটা মাৰি কলে , এ আজি বাটতে লৰা এটাক লগ পাইছিলোঁ । মাছৰ বেপাৰী , মোক দেখি সি এইটো দি কৈছে , ছাৰ চিনি পাইছে নে মই ৰাজু আপুনি মোক  অংক শিকাইছিল ২০ বছৰৰ আগতে এল পি স্কুলত । আপুনি শিকোৱা সেই খিনি অংকই এতিয়া বেপাৰ কৰোঁতে সাৰথি হৈ  আছে, ছাৰ এইটো লৈ যাওক , আজি মোৰেই সৌভাগ্য আপোনাক শিক্ষক দিৱসৰ দিনাই লগ পালো  ," হেপি টিছাৰ্চ দে ! "এই বুলি সিয়েই বান্ধি দি পথাইছে ।
মই কিন্তু পাহৰিলো তাক যে মই অংক পঢ়াইছিলো ।  এইবুলি হুমুনিয়াহ এটা এৰি নিজকে ক'লে বুজিছ   তাক পাহৰাটো সাধাৰণ কথাই...
পেটৰ ভোকত মাষ্টৰ গুচি মিস্ত্ৰী হোৱাৰ পাছত  এসময়ত যে ময়ো শিক্ষক আছিলো, ল'ৰা ছোৱালীক পঢ়াইছিলোঁ সেয়াও আজিহে মনত পৰিছে  ।
হওক তেওঁ বহুত দিনৰ মূৰত মাছেৰে এসাজ খাব পাৰিম আজি  , এইবুলি  হৰকান্ত মিস্ত্ৰীয়ে গামোছাৰে চকু দুটা মোহাৰি মাছটো মালতিলৈ আগবঢ়াই  ক'লে হেপি টিছাৰ্চ দেই   ...

প্ৰাণজিৎ বৰুৱা ,
৫ ছেপ্টেম্বৰ ২০১৯