Tuesday, December 22, 2020

আমাৰো পেট আছে ছাৰ

আমাৰো পেট আছে...

ঢেকীয়া খিনি বাৰীৰ ,
মানিমুনি ভেদাইলতা খিনিও ঘৰৰে , 
বিশ টকা খুজিছো দি যাওঁক চাৰ , 
 দাম দৰ নকৰিব চোন, 
মহাজনৰ ওচৰত এতিয়াও ছকুৰি চাৰি টকা ধাৰ ...!

আপুনি  চাহ খাওঁতে উৰাই দিয়ে পাঁচশ হাজাৰ ,
তৰা ভৰা হোটেলৰ নামত  ,
অথচ আপুনি বাগী ধৰে দিনটোৰ ঘাম সৰা হাজিৰাৰ দামত । 
চাৰ আপোনাৰ বেজাৰ লাগে , 
বনাব পৰা নাই তিনি নম্বৰ মহলাটো এতিয়াও ,
 অথচ  বৰুৱাই ওচৰতে সাজিলে 
চাৰি মহলৰ দালান ,
আমাৰো বেজাৰ লাগে লৰাটোৱে কান্দে যেতিয়া ঠাণ্ডাত মাজ ৰাতি বৰষুণ পৰিলে গাত ,
পিতৃ হোৱাৰ গৌৰৱ  তেতিয়াই  পৰে দেখোন মোলান । চাৰ ভোক আমাৰো আছে ,
জীয়াই থকাৰ ভোক ,
অহ লোভ অৱশ্যে নাই আমাৰ,
দিনটোৰ ভাত সাজ আৰু ৰাতিৰ আহাৰ ,
এইয়াই চিন্তা মাথোঁ সদায় ...
ধৰ্ম , চৰকাৰ , শোষণ, সংস্কৃতি , জাতীয়তা বাদ , 
ৰাষ্টা ঘাট,  
কি ভাল কি বেয়া কোনোদিনে মাথা মৰা নাই,
কাৰো মূৰত কঠাল ভাঙিব যোৱা নাই ,
আছে দুখন হাত বিষ নোহোৱালৈকে কাম কৰিছো,
আছে দুই ভৰি বিষাই নোযোৱালৈকে ঘুৰিয়েই  ফুৰিছো,
কোনো দিনাই  কোনো কথাতেই কৰা নাই প্ৰতিবাদ । জানে চাৰ ৰাতি টোপনিয়ে নাহে কেতিয়াবা ,
এই বোজাত এতিয়াও যে বাকী ছকুৰি চাৰি টকা  মহাজনৰ তাত ,
চিন্তাত দোমোজাত ভাগৰি যাওঁ কেনেকৈ মিলাওঁ বাৰু  কাইলৈৰ দিনটোৰ  সাজ । 

দৰ দাম নকৰিব ,নিদিব না লাজ ,অলপ কলিজা খন পৰিব শাঁত ,আপোনাৰ একো হানি নহয় ,তৰ্ক নকৰাকৈয়ে এই মানিমুনি ঢেঁকীয়া খিনি লৈ যাওক , 

,বেছি নহয়,দৰ বিশ টকাত...

প্ৰাণজিৎ বৰুৱা 
২২/১২/২০১৭

Saturday, May 30, 2020

আমাৰ ঘৰৰ মেকুৰী তিনিটা

কবিতা বুলি নহয় এটা সম্পৰীক্ষা কৰি চাইছোঁ ।তলৰ কবিতটো যদি এবাৰ সম্পূৰ্ন কৈ পঢ়ি উঠে , মই নিশ্চিত আপুনি আকৌ এবাৰ পঢ়িব লাগিবই 😊👍

আমাৰ ঘৰৰ মেকুৰী তিনিটা ...

আমাৰ ঘৰত তিনিটা মেকুৰী আছিল ,
এটা বগা , এটা মুগা  আৰু এটা ক'লা ,
বগা মেকুৰীটোক মা দেউতা দাদা ভাইটি সকলোৱে ভাল পাই ধুনীয়া বুলি ,
ভালৰ ভালটো সি খাই ,
ভাল ঠাইলৈ ফুৰিবলৈ যায় ,
ভাল মিঠাই আনিলে প্ৰথমে তাৰ মুখলৈকে যায় ,
অৱশ্যে
তাৰ পুতৌ উপজিলে কেতিয়াবা এৰেহাকণৰ ভাগ ,
মুগা আৰু ক'লাইও পায় ,
কিন্তু মুগাৰ আত্মসন্মান বেছি বাবে নাখায় ,
সেইবোৰ
ক'লাৰ পেটলৈকে সোমাই ।

ইফালে মুগাই  তাৰ মাজতো নিজ প্ৰতিভাৰ বলত ,
নিগনি চিকাৰ কৰে ,
নিজ দক্ষতাৰ কোবত ,
বগাৰ মিঠাইৰ ভাগ আজুৰি আনে,
কেতিয়াবা দুখ লাগিলে ক'লাক সিও যাচে,
তাৰ আকালো নাই ভঁৰালো নাই ,
মুগাই এনেকৈ মাজে মাজে চলে ।

ক'লা দেখিবলৈ বেয়া হোৱাত ভন্টিয়ে প্ৰায় পুতৌ কৰে তাক , সময়ে সময়ে ,সুদাই নিকাই হলেও ,
ভাত কেইটাৰ যোগাৰ ধৰে ,
কষ্ট ক'লাইও কৰে কিন্তু প্ৰায়ে সি
আনৰ হাতলৈ বাট চাই থাকে ।

কিন্তু এইখিনিতে কথা এটা মন কৰোঁ ,
আমাৰ ঘৰৰ বেছি নিগনি মাৰি মুগাই উপকৃত কৰে ,
যদিও তাৰ গুৰুত্ত্ব নাই
বগা ভাগ্যৰ বলত  আৰু কলা দুৰ্ভাগ্যৰ বলতেই নহওক কিয় ঘৰৰ নয়নমনি হৈ সময় বোৰ কটাই।

তেতিয়াই  এটা ভাব আহে মনত ,
যদি আমাৰ ঘৰখন 
ঘৰ নহৈ এখন দেশ হলহেঁতেন ,
তেন্তে নিশ্চিত ভাবে হয়তো মুগাৰ পিঠিত
মধ্যবিত্তৰ এটা টেগ হলহেঁতেন ।

নহয়নে  ?

✍️প্ৰাণজিৎ বৰুৱা
২৯ মাৰ্চ২০২০


Friday, May 15, 2020

পিতাই ( edited)

পিতাই 

পুৱাই সকলোতকৈ সোনকালে শুৱাপাটীৰ উঠা মানুহজন কোন,
বাৰীৰ ঢাপত জিকা ৰোৱা মানুহজন,
তিনিজনী গাই গৰুৰ গোবৰ পেলাই
গাখীৰ খিৰোৱা মানুহজন ,
মোৰ পিতায়েই হয়চোন !

পিতায়ে কন্দা ,আজিলৈ দেখা নাই,
পিতাইৰ কি দুখ নাই !
ওহোঁ পিতায়ে আমাক সাহস দিবলৈকে ,
চাগে সকলো দুখ চাগে' মনতে থয় ঢাকি...
নিদিয়ে দুখবোৰ চকুলো হৈ যাবলৈ উটি,
পিতাই সাহসী ,
বহুত সাহসেৰে জীৱনটো অকলেই যায়  যুঁজি ...

পিতাইৰ তিনিটা চোলা , দুটা পেন্ট
আটোমটোকাৰীকৈ ৰাখে তাকে,
পিন্ধি ফুৰে জীৱনটো ...
আৰু আমাৰ বাবে সাচি থয়
পৃথিৱীৰ সমস্ত সুখ ,
সহি যায় অকলেই অলেখ কষ্ট আৰু দুখ !
আস ! পিতাইৰ যে কি আপোনভোলা মনটো ...

আমাৰ লেভিছ দেনিজেন ,
পাৰ্ক এভিনিউৰ সুবাসৰ বাবেই
পিতায়ে মাটিত পেলাই যায় ঘাম ,
আমাৰ প্ৰতি সাজ মাছ-মঙহৰ ভাতৰ বাবেই
কৰি যায় দুগুণ উৎসাহেৰে কাম,
নিজৰ বাবে গেঞ্জী এটা কিনিবলৈও
চিন্তা কৰে হাজাৰ বাৰ,
পিতায়ে কিন্তু এবাৰো নুসুধে
আমাৰ বিলাসী সামগ্ৰীবোৰৰ কিমান দাম ,
সকলোবোৰ যোগাৰ দি যায়
বিনা প্ৰতিবাদে ,
আমাৰ সুখৰ বাবেই পিতায়ে কৰি যায়
জীৱনজুৰি এই সংগ্ৰাম ...
পিতাই তোক হাজাৰ বাৰ চালাম !

পিতাইৰ সপোন বোৰ হেনো
আমাৰ পৰাই আৰম্ভ
আমাতেই শেষ,
তেওঁ নিজৰ সপোনবোৰ আমাৰ দ্বাৰা পুৰাব খোজে,
আমাক শিক্ষিত কৰি তুলিবলৈ আওমৰণে যুঁজে,
পিতায়ে আমাৰ ওপৰত কেতিয়াও
একো বোজা জাপি নিদিলে ,
তেওঁ আমাৰ সকলো আশা , বিচৰা সকলো বোৰ
একো নোকোৱাকৈয়ে মনৰ অদৃশ্য
সাকোঁ এদালেৰেই যেন দেখে ,বুজে !

পিতাই মোৰ সহজ সৰল,
পিছে মনটো আৰু জ্ঞানৰ ভঁৰালটো
তেওঁৰ বৰ বহল ,
পিতায়ে কথাবোৰ খুউব গহীনাই কয় ,
বহু কাহিনীয়েই তেওঁৰ মনত ৰয় ।
তেওঁ ভাগৱত পঢ়ে, আলোচনী পঢ়ে ,
অলপ  টিভিৰ সমুখত  বহে ,
আৰু প্ৰায়েই  মাৰ গালিবোৰো মনে মনেই সহে ,
হাঃ হাঃ পিতাই বৰ সহনশীল ...

পিতাইৰ মনটো চঞ্চল হোৱা দেখা নাই,
আমাৰ বিপদৰ সময়ত তেওঁ প্ৰায়েই
ধৈৰ্যৰে বাট দেখুৱায়,
পিতাইয়ে যি দৰে সকলো ছাত্ৰ ছাত্ৰীৰ
জীৱন পোহৰায়
আমাকো  বহু কথা প্ৰতি দিনেই শিকাই যায় ...

মোৰ বাবে ভগৱান, দেৱতা  মোৰ এই পিতাই,
যি মোৰ মুৰত আলফুলে হাত ফুৰাই,
দুখত সান্ত্বনা , সুখত উৎসাহ ,
বিপদত বাট দেখুৱাই ,
সমস্ত জীৱনটো  যি আমাৰ বাবেই উৎসৰ্গা কৰি যায় ,
হয় ,সকলোতকৈ শ্ৰেষ্ঠ মোৰ এই পিতাই  !

--প্ৰাণজিৎ বৰুৱা
ফোন : ৭০০২৯০৪১৩১