Friday, May 19, 2017

মাৰ চাকৰিটো ...

মাৰ চাকৰিটো ...

মাৰ চাকৰিটোৰ কথা জানে নে ... ?

মাৰ চাকৰিটোৰ দৰমহা নাই  ,
অথচ ২৪x৩৬৫ দিনৰ এক মিনিটো যাৰ আজৰি নাই ।

মাৰ চাকৰিটোৰ বাবে নিৰ্দ্দিষ্ট কোৱালিফিকেচন নাই,
অথচ যাৰ দায়িত্ব বোধৰ আগত সকলো ডিগ্ৰী তল পৰি যায় ।

আপোনাৰ গৰম লাগিছে ,
ফেন খন লগাই অলপমান আৰাম কৰিছে,
আপোনাৰ ঠাণ্ডা লাগিছে, অলপমান দেৰিলৈকে শুই দিছে ,
আপোনাৰ কাম কৰি অলপ আমনি লাগিছে,
বন্ধু বৰ্গৰ লগতেই ফুৰি আহিছে..

পিছে মাৰ চাকৰিটোত গৰম , ঠাণ্ডা, ভাগৰৰ স্থানেই নাই,
মাৰ চাকৰিটোত হাত আৰু দুভৰি
  বিৰতি নোহোৱাকৈ চকৰিৰ দৰে ঘুৰি যায় ...

বিনিময়ত তেওঁ কি কি পাই ,

শুনক !

বিনিময়ত তেওঁ ভাত কেইটা ৰান্ধোতে অলপমান পলম হোৱাৰ বাবেই
স্বামীৰ পৰা গালি অলপ খায়,
বিনিময়ত তেওঁ পুত্ৰৰ পৰা বোৱাৰী এজনী অনাৰ পিছতেই বুঢ়ী বুলি সম্বোধন এটা পায় !
বিনিময়ত তেওঁ জীয়েকক শাসন কৰিব বিচাৰোঁতেই
মই এতিয়া ডাঙৰ হ'লো মোক সৰু ছোৱালীৰ দৰে কথা কৈ নাথাকিবা বোলা উত্তৰ এটা শুনা পায় ....!

আৰু কি লাগে তেওঁক ?
অ'হ চাকৰিৰ অৱসৰ ল'লে
সুযোগ্য সন্তানৰ পৰা বৃদ্ধা শ্ৰমতো থকাৰ সুবিধা কন পায়
কেতিয়াবা ।

 
তেওঁ কি কি  বিভাগত কাম কৰিব লাগে ,

কেতিয়াবা বাৰু আপুনি চাইছে নে ভাবি ...

পাকঘৰত  বিনা পাৰিশ্ৰমিকত এগৰাকী ৰান্ধনী ,
টেবুলত সজাই দিয়া ৱেইটাৰ ,
কি কি লাগিব প্ৰতি সাজৰ বাবে তাৰ হিচাপ কৰি যোগাৰ কৰিবলৈ এগৰাকী দক্ষ মেনেজাৰ ।

পঢ়া টেবুলত হ'ম ৱৰ্ক কৰি দিয়া শিক্ষক ,
ল'ৰা ছোৱালীৰ মন ভাল লগোৱা বন্ধু ।

বেমাৰ হলে উজাগৰে সেৱা কৰা নাৰ্ছ ,
বেমাৰ নহ'বলৈ মানিমুনি ভেদাইলতা কত যে
কি গোটাই দিয়া তেওঁ জানো ডাক্তৰতকৈ কম...

ভৱিষ্যতৰ সঞ্চয় , খৰচৰ হিচাপ নিকাচত কিমান নিৰ্ভুল
তেওঁ টো বেংকৰ কৰ্মচাৰীতকৈও বহুত উত্তম ।

ইফালে ল'ৰাটো ছোৱালীজনীক  বিদ্যালয়লৈ
নিবলৈ স্কুটি গাড়ীৰ ড্ৰাইভাৰ হবলৈও পিছ নপৰে ,

কিমান চিন্তা কৰে তেওঁ ,
ঘৰখনৰ বাবে মংগল কামনা কৰি নিতৌ পুৱা গধূলি
পূজাৰীৰ দৰেই প্ৰাৰ্থনাও কৰে ।

আৰু চুইপাৰৰ দৰেই দেখোন চাফাই কৰিবলৈ ,
বাথৰুম টয়লেট একোৱেই বাদ নপৰে ।

ফুল ৰোৱা মালিও তেওঁ ,

স্মাৰ্ট ফোনবোৰ চলাবলৈ শিকিছেও
আজিকালি তেওঁ ...

অথচ কোৱা হয় তেওঁ একোকেই নাজানে,
একোৱেই নকৰে...
ঘৰত বহি আৰাম হে কৰে ...

হয় আপোনাকেই কৈছো তেওঁৰ এই আৰামৰ ভাগ টো
আপুনিও লৈ চাওক !
আপুনিয়েইটো ভাবি আহিছিল
ইমান সহজ তেওঁৰ কাম বোৰ ,

কওঁক চোন এতিয়া বুকুত হাত থৈ পাৰিব?
পাৰিব নে আপুনি কৰিব   মাৰ চাকৰিটো ...

...

যদি নোৱাৰে ,
তেন্তে একো নহলেও অন্ততঃ
মাৰ চাকৰিটোৰ প্ৰতি আজিৰ পৰা
এটা সেৱা জনাওক...

কওক হেটচ অফ মা ...

তুমি আৰু তোমাৰ চাকৰিটো সঁচাকৈয়ে অনন্য
অপূৰ্ব
অতুলনীয় ...!!!

তোমাক এটা ডাঙৰ চালাম ...

✍প্ৰাণজিৎ বৰুৱা
৭০০২৯০৪১৩১
১৮/৫/১৭


No comments :

Post a Comment