Tuesday, August 8, 2023

টোপনি মোৰ শৈশৱতে ভাগিল...

টোপনি মোৰ শৈশৱতে ভাগিল...

পাতনি :

( নিয়ন লাইট কেইটামান ,
অত্যাধুনিক সা সৰঞ্জাম 
কেইটামান
 বোকোচাত বান্ধি 
ৰাতি এটাহে  আহিল ...

পিছে টোপনি নাহিল ! )

প্ৰশ্ন আৰু উত্তৰ :

(টোপনি ক'ত ?

আইৰ কোলাত,
আয়ে নাগায় নিচুকনি ,
হেৰাই গল মৰমৰ বুলনি
সময়ৰো যে কেনেদৰে হয় সলনি !)

মুল কাহিনী :-

এনেকুৱা এটা দিনতে এসময়ত 
লেমৰ পোহৰ...
মহৰ কামোৰত ,
 গধূলি পৰত বঢ়িছিলো ঢৰা এখন পাৰি,

আওৰাইছিলো সৰু ;
মাজু নেওতা বোৰ
 চিঞৰি চিঞৰি ,

দেউতা আহিছিল ,
চাইকেলৰ টিলিঙা বাজিছিল ,
লগে লগে দেউতাৰ মোনাটো লবলৈ দৌৰা দৌৰি । 

পাৰ হৈছিল এনেকৈয়ে 
সময়বোৰ ,

দেউতাই ধুনা জলাইছিল,
মায়ে গাখীৰ আৰু মালপোৱা এটা যাচিছিল...

মই,
 নিচিনো তুমি ক'ত আছা প্ৰভু গাইছিলো ...
জিলা আৰু সদৰ ঠাই আওৰাইছিলো...
 গৰম পানীৰ উহ কেনেকুৱা তাকেই ভাবিছিলোঁ ,
কল্পনাৰ সাগৰত বৰফৰ ইগলো নামৰ ঘৰ আৰু শ্লেজ গাড়ীবোৰত উঠি ফুৰিব ধৰিছিলো ...

আস !!
পাৰ হৈছিল 
এনেকৈ সন্ধিয়া বোৰ,

লাহে লাহে ঘড়ীত ন বাজিছিল ,
আৰু মোৰ মূৰতো বাৰে বাৰে বহীখনত ঢলি পৰিছিল...

এনেকৈ পাৰ হৈছিল  
টোপনিৰ সতে যুজ বাগৰৰ খেলা,
এনেকৈয়ে ৰাতি এটাৰ বুকুত লীন যাব পাৰিছিলো তেতিয়া ,

কিন্তু এতিয়া ??

এতিয়া  মোৰ ভীষণ চিন্তা ,
অনৰ্গল দুঃশ্চিন্তা ,
অহৰহ অযথা নুবুজা  ব্যস্ততা 
আৰু  টোপনি ?

 টোপনি দেখোন 
এতিয়া
 মোৰ বাবে এক ঢুকি পাব নোৱাৰা  বিলাসীতা ...!

সাৰ মৰ্ম  :-

আচলতে এতিয়া ৰাতি এটাহে আহিল,
টোপনি বোৰ মোৰ সেই তাহানিৰ 
  শৈশৱতেই ভাগিল !!

প্ৰাণজিৎ বৰুৱা 
৮ আগষ্ট ২০১৫

DrSamadrita Goswami Bornalee Boruah Phulasri Deka Neelakshi Hazarika

No comments :

Post a Comment