Monday, April 6, 2015

বিখ্যাত মানুহৰ অগতানুগতিক চিন্তা !!

বিখ্যাত মানুহৰ অগতানুগতিক চিন্তা !!
আমি সাধাৰণতে ৰূপ লাৱন্যৰ পিছে পিছে দৌৰি ফুৰাৰ
সময়তে,
প্ৰেম নামৰ বিশাল অনুভূতিটোৰ পৰিসৰক আমি
ক্ষন্তেকীয়া মাদকতাৰ মাপ কাঠিৰে জোখাৰ সময়তে
জৰ্জ বাৰ্নাড শ্বৰ প্ৰেয়্সীলৈ লিখা এই অগতানুগতিক
চিঠিখনে মোৰ
মন চুই গল ।
প্ৰেমৰ প্ৰকৃত সংজ্ঞা এটাহে যেন তেওঁ কবলৈ
বিচাৰিছিল ...
ভাল লাগিল মোৰ,
আশা কৰোঁ আপোনালোকেও অলপ চিন্তাৰ খোৰাক
পাব নিশ্চয় ...!
(প্ৰেমিকক পোষ্ট কৰিবলৈ লিখা চিঠি ...)

জীৱন উপভোগৰ কেইটিমান অপৰিহাৰ্য্য নীতি...

জীৱন উপভোগৰ কেইটিমান অপৰিহাৰ্য্য নীতি...
*পাৰে যদি আপোনাৰ অতীতটোক
অতীতৰ দৰেই ব্যৱহাৰ কৰিবলৈ শিকক । যিমানেই ৰূঢ়
নহওঁক কিয় আপোনাৰ তিক্ত অতীতৰ কথাবোৰে যাতে
আপোনাৰ সুন্দৰ বৰ্তমানৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে
তাৰ প্ৰতি লক্ষ্য ৰাখি সুন্দৰ বৰ্তমান উপভোগ কৰক ।
** জানেনে
আপুনি যদি জীৱনত সফল হোৱা নাই এতিয়াও
তাৰ কাৰণ কি ??
কাৰণ হল ভয় ...
আনে কি কব,
এনেকুৱা হলে বেলেগে কি ভাবিব বা
কি কব...?

Saturday, April 4, 2015

একাপ চাহৰ দাম ...

একাপ চাহৰ দাম ...
কিমান দামী হব পাৰে একাপ চাহ ,
প্ৰায়ে বৰ কষ্ট দিয়ে
আস !
দুকঠা মাটিৰ কেঁচা এটি ঘৰ ,
পৰিয়ালৰ মানুহ কেইটাৰ বৰ মৰমৰ ,
খেতি মাটি দুপুৰা ,
হাতত নাই কাম ,
ভন্তী আবিয়ৈ পিতাই ৰুগীয়া ,
প্ৰাপ্য চাকৰি এটা বিচাৰি গলো ,
খুজিছে তেওঁলোকে
মাটি ভেটি বিক্ৰী কৰি দিব লগীয়া হোৱা
একাপ চাহৰ দাম ....