Friday, September 5, 2014

##মোৰ শিক্ষা গুৰু সকললৈ একাঁজলি শ্ৰদ্ধা...##

##মোৰ শিক্ষা গুৰু সকললৈ
একাঁজলি শ্ৰদ্ধা...##

সকলো লগৰ সমনীয়াক বুট মাহ খুৱাইলৈ আৰম্ভ কৰা সেই প্ৰাক প্ৰাথমিকৰ দিনটোৰ পৰা এতিয়ালৈ কিমানটা বছৰ হল ,
কেনেকৈ সময়বোৰ উৰি গল ধৰিবই নোৱাৰিলো... ।

এতিয়াও মনত আছে সেই প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম দিনটো ।
মায়ে যেতিয়া হাতত ধৰি স্কুলৰ
বাৰান্দাত  থৈ আহিব খুজিছিল ,
সদায়ে মাহঁতৰ চাদৰৰ আছলত
ধৰি ঘুৰি ফুৰা সেই বাল্যকালৰ মইটোৱে যেন কিছু সময়ৰ বাবে বিচ্ছেদৰ জ্বালাত চকুলোৰ  সাগৰ বোৱাই দিছিলো ।
অকণমানি কলিজাটোৱে জানো কিয় ঢিপ ঢিপ কৰিছিল । ইমানবোৰ সমনীয়া সংগী  থাকোঁতেও যেন নিসংগ হৈ পৰিছিলো ।

লাহে লাহে চকুলোবোৰো
শুকাই আহিছিল ।
অঞ্জনা বাইদেউৰ মৰম সনা
মাতত অলপ যেন নিৰাপত্তা পাইছিলোঁ ।
যেন মাহঁতক এৰি অহাৰ বেদনা লাঘৱ হৈছিল অলপ ।

এইয়াই যেন শিক্ষক শব্দটোৰ সৈতে মোৰ চিনাকি আছিল ...!

কল্পনা বাইদেউৱে কোৱা সাধুবোৰতকৈ বাইদেৱে ইমান ধুনীয়া হৈ আহি মতা মাতষাৰ বেছি ভাল লাগিছিল ।
সাধু বুজি নাপালেওঁ যেন
মাতটোৱেই শুনি থাকিম
এনে ভাব হৈছিল ।

তেতিয়া নুবুজিলেও  এতিয়া ঠিকেই বুজিছো শিক্ষক হবলৈ মাত কথাৰো সুৰ ৰাগৰো বৰ প্ৰয়োজন ।
সঁচাকৈয়ে কিমান বাৰু প্ৰশিক্ষণ লৈছিল তেতিয়াৰ আমাৰ শিক্ষা গুৰু সকলে ।

চবিতা বাইদেউৰ সেই কাঢ়া শাসন ,
সুন্দৰ হাতৰ আখৰৰ ওপৰত দিয়া গুৰুত্ব আজি কিন্তু  মৰ্মে মৰ্মে উপলব্ধি কৰোঁ... ।

হেদ চাৰৰ সেই গহীন গম্ভীৰ মাতটো ,
নিখুঁট গনিত শিক্ষণৰ কৌশল বোৰ । দাদুল চাৰৰ সুন্দৰ সুন্দৰ একেটা পাকতে অঁকা ছবি বোৰ । ধীৰেন চাৰৰ টাই ভাষাৰ ক্লাছবোৰ ,
বাঁহ ,কাগজ আদিৰে বনোৱা হাতৰ কামৰ সেই আমলখি তলৰ শ্ৰেণীবোৰ কেনেকৈ পাহৰো বাৰু ..!

নাজানো কিমান প্ৰশিক্ষণ প্ৰাপ্ত আছিল সেই তাহানিৰ শিক্ষা গুৰু সকল ,
নাজানো কিমান সুবিধা পাইছিল,
কিন্তু মৰ্মে মৰ্মে উপলব্ধি কৰো এতিয়া তেওঁলোক নিখুঁট আছিল
তেওঁলোক দায়বদ্ধ আছিল যথেষ্ট ।

লাহে লাহে প্ৰাথমিক বিদ্যালয় পাছ কৰি
হাইস্কুল পালো,
কলেজ পালো...

তাতো পালো কিছুমান চিৰ নমস্য নাম...
যি সকলেও কেতিয়াও আমাক  কোনো কম্প্লেইন কৰাৰ সুবিধাই নিদিলে ।

জীৱনত বহুত শিক্ষক লগ পালো
তাৰেই সৰহ সংখ্যকেই যেন মোক শিক্ষক শব্দটোৰ প্ৰতি দুৰ্বল কৰি তুলিলে । মোক ভবাই তুলিলে এই পৱিত্ৰ বৃত্তিটো কিয় ইমান মহৎ বুলি কয় । কিয় সকলোৱে সন্মান কৰে সমীহ কৰে । কাৰণ মই দেখিছিলো তেওঁলোকৰ গাত আছিল কিছুমান আকৰ্ষণীয় গুণ ।
তেওঁলোকে আমাক দেখাইছিল ভৱিষ্যতৰ সপোন
নিস্বাৰ্থ ভাবে ...!

শিষ্টাচাৰ ক্ষমা কৰ্তব্য পৰায়ণতা এই তিনি গুণৰ সমাহাৰ সঁচাকৈয়ে ঘটিছিল তেওঁলোকৰ মাজত ।

এইখিনিতে আমেৰিকাৰ বিখ্যাত পণ্ডিত শিক্ষক  উইলিয়াম আৰ্থাৰ ৱাৰ্ডৰ সেই বিখ্যাত উক্তিটোলৈ মনত পৰি গল যত তেওঁ শিক্ষকৰ তুলনা কৰি এটা সুন্দৰ সংজ্ঞা দিছিল এনেদৰে --

“The mediocre teacher tells.
The good teacher
explains.
The superior teacher
demonstrates.
The great teacher inspires.”

হয়তো মই অলপ ভাগ্যৱানেই আছিলো, কাৰণ মোৰ জীৱনৰ প্ৰায় সংখ্যকেই সেই great teacher ৰ শাৰীত পৰিছিল হয়তো ...!
তেওঁলোকে আমাক আন নহলেও প্ৰেৰণাৰে সঁচাকৈয়ে উদ্ধোদ্ধ কৰি তুলিব পাৰিছিল যাৰ বাবে এতিয়াও কোনোজনকে পাহৰিব পৰা নাই এবাৰো ...

হয় পাহৰা নাই ,
সেইয়াই যেন তেওঁলোকৰ কৃতিত্ব...
হয়তো
পাহৰাটো উৎচিতো নহয়  কোনেও , আমাৰ শিক্ষাৰ আদি পাঠ দিয়া কোনো শিক্ষককে ।

মই ডাঠি কব পাৰো প্ৰতিজন ব্যক্তিৰ জীৱনত একোজন শিক্ষা গুৰুৰ অৱদান কোনেও কেতিয়াও  অস্বীকাৰ কৰিব নোৱাৰো । 

প্ৰাথমিকৰ পৰা কলেজ ইউনিভাৰ্ছিটিলৈ যিমান জন শিক্ষকক লগ পালো আমি হয়টো তেওঁলোকৰ ধাৰ  কেইবা জনমতো পৰিশোধ কৰিব নোৱাৰিম ।
কৰাৰ কথা ভাবিবও নোৱাৰো...

ভাবি আছৰিত লাগে পৃথিৱীত যিমান বোৰ বৃত্তি আছে সকলোবোৰ বৃত্তি দেখোন  শিক্ষকেহে সৃষ্টি কৰে,

সঁচাকৈয়ে
কি মহান এওঁলোক..!

হে গুৰু সকল...

আজি এই
শিক্ষক দিবসৰ পৱিত্ৰ ক্ষণটোত
আমাৰ পৰম আৰাধ্য আপোনসৱক
আমি শ্ৰদ্ধাৰে সোঁৱৰিছো ,
আমাক জ্ঞানৰ আলোকেৰে
আলোকিত কৰাৰ বাবে ...

আপোনাসৱক এইমুহুৰ্তত
আমাৰ হৃদয়ৰ পৰাই
অযুত অযুত
প্ৰণাম যাচিছো...!

HAPPY TEACHER'S DAY...!

প্ৰাণজিৎ বৰুৱা
উত্তৰ লখিমপুৰ
৯৭০৬১২৯৩৬৯


No comments :

Post a Comment