Friday, January 23, 2015

লেবেল...

সৰুতে বহী কিতাপৰ ওপৰত লগাইছিলো লেবেল,
বগা কাগজকে আঠা দি লগোৱা লেবেল টোত নিজৰ নাম ৰোল নম্বৰ ভাল ভাল হাতৰ আখৰেৰে লিখাটো আছিল এটা চখ...
লাহে লাহে লেবেলৰো লেবেল বাঢ়িল ,
দোকানত কিনিব পৰা নতুন নতুন হিৰো ,ক্ৰিকেটাৰ , কাৰ্টুন চৰিত্রৰ
প্ৰিন্টেদ লেবেল বোৰ আহিল...!!
সময়ত
লেবেল বোৰ লেবেজান হৈ জীৱনৰ পৰা আতৰোঁ কি নাতৰোঁ হৈছিল হে...
কৰ পৰা জানো টুপুক কৈ আকৌ আমাৰ জীৱনৰ মাজত নতুনকৈ সোমাই পৰিল...
চোৱাচোন লেবেলৰ কি লেবেল...
,"ছোৱালীজনীক কথা কলে ,
উত্তৰ দিবলৈও টান পাই ,
বাহ কি লেবেল !"

"তোমালৈ মই ইমান মেছেজ কৰি আছো ,
ৰিপ্লাই এটাও দিয়া নাই,
কি,
লেবেল হৈছে তোমাৰ...?"
"সেই সাহিত্যিক জনৰ কথা কৈছা,
দুটামান লেখা পেপাৰত ওলাইছেতো লেবেলটো কি নাচাবা..."
"বাহ বেটা নতুন চাকৰি পাইছ তো
তাম্মাম লেবেল ন ....!"
হা হা দেখিলে
লেবেল অবিহনে যেন আমাৰ জীৱনেই স্থবিৰ,
লেবেল দিয়া সকলেও নাজানে হয়তো লেবেলৰ গুণাগুন ,
পিছে সাধাৰণতে লেবেল ধাৰী সকল ভাগ্যবান...
কাৰণ তেওঁবিলাকৰ বিশেষ কিছু গুণ আছে,
যাৰ বাবেই কিছু সংখ্যক হয়তো জ্বলি মৰে প্ৰায়ে...
গতিকে লেবেল দিয়া বুলি কলে...
বেয়া নাপাব
আপোনাৰ লেবেল আপোনাৰ
সৈতেই থাকিব দিয়ক...
কি ঠিক
আপোনাৰ লেবেল বোৰেই আপোনাক কেতিয়াবা আনতকৈ পৃথক কৰিব পাৰে...
আপোনাৰ লেবেল বোৰ অহংকাৰ নহৈ আপোনাৰ স্বাভিমানোটো হব পাৰে ...!!
সেইয়ে
জিন্দাবাদ লেবেল ....!!!
--প্ৰাণজিৎ বৰুৱা
৩/১২/২০১৪

No comments :

Post a Comment