Friday, January 23, 2015

hmmm umm ৰ লেবেল নেদেখাব আপোনালোকে ...

hmmm umm ৰ লেবেল
নেদেখাব আপোনালোকে ...
মানিছো আপুনি দেখাত খুবেই ধুনীয়া ,
লৰাবোৰ ভেনা মাখি পৰা দি পৰে আপোনাৰ  ষ্টেটাচ পি পি ত...
মানিছো আপোনাৰ ইনবক্স শুৱনি হাই হেল্ল কিম্বা ভালপোৱাৰ অযুত নিযুত প্ৰস্তাৱেৰে ...
তথাপিও hmm ummm ৰ লেবেল নেদেখাব !!
আপুনি ভাগৰি পৰে প্ৰেমৰ ভিক্ষাৰী বোৰক মৰমৰ মাত দি ,
মানিছো...
আপুনিও থাকিব লাগে বহু কামত বিজি ,
মানিছো তথাপি
নেদেখাব নেদেখাব এনে লেবেল কদাপি...
হয়তো আমিয়েই প্ৰথম আপোনাৰ সানিধ্য বিচাৰি দিছিলো বন্ধুত্বৰ প্ৰস্তাৱ ,
অথবা আপুনিও দিব পাৰে আমাৰ কবিতাৰ প্ৰেমত পৰি এটা হেঁপাহৰ প্ৰস্তাৱ বন্ধুত্বৰ ,
নাজানো ,
কিন্তু জানো
আমি বৰ মৰম আকলুৱা ,
অকলশৰীয়া মানুহ,
লগ বিচাৰি ফুৰা স্বভাৱ যিহেতু
আপোনাৰ লগতে পাতিবও পাৰো সুখ দুখৰ কথা,
কিনো হল তাতে...?
কোনো কোনোৱে কব খোজে আমি হেনো চেনী খাই  ভালপোৱা মানুহ,
আপোনাৰ মনেও যদি তাকেই কয় ,
তেন্তে আমাক ৰিমভ কৰি দিব পাৰে,
বেয়া নাপাওঁ
অযথা ফ্ৰেণ্ড লিষ্ট দীঘল কৰিটো লাভ নাই ...!!
তথাপি কিন্তু hmmm umm ৰ
এই  লেবেল নেদেখাব আমাক ...!
আমি আপোনালোকৰ কাষলৈ যাওঁ অলপমান মৰম বিচাৰি,
অকণমান সংগ বিচাৰি,
যদি ব্যস্ত আছে কৈ দিব,
আমিওটো বুজি পাওঁ...
আপোনালোকৰ প্ৰেমত হাবু দুবু খাই
দুবি মৰিব খোজা
ইমানো অলপ ধতুৱা নহম কিজানি ,
যদিওবা আপোনালোকৰ প্ৰতি বিৰাটেই দুৰ্বল কোনো কোনো খিনিত...
তথাপি নিদিব
নিদিবচোন এনেকুৱা লেবেল  !!
সঁচাকৈয়ে কৈছো
আমাৰ দৰে মানুহে শাও নিদিয়ে,
কিন্তু আঘাত পালে নিজেই গোপনে কান্দে ,
আৰু সেইয়া
বোধহয় শাও বোৰতকৈও কম নহয়,
ব্যস্ত হলে কৈ দিব,
অথবা ৰিপ্লাইয়ে
নিদিব
কিন্তু  এই hmmm umm ৰ ফটা লেবেল বোৰ নিদিব নিদিব,
নিদিবচোন
সঁচাকৈয়ে কৈছোঁ
অলপমানো ভাল নাপাওঁ
নহলে কোনোবা এদিন হয়তো
আপুনিও এনেকুৱাকৈ নিসংগ হব,
অথবা বিপদত পৰি সহায় বিচাৰি ফুৰিব
আৰু তেতিয়া
সকলোৱে আপোনালৈ চাই সম্ভৱ
হাঁহি হাঁহি
hmmm ummm বুলি কিছু
ভুৱা সমবেদনা যাচিব ...
কোনেও সহায় নকৰিব !!
ক্ৰমশঃ
তেতিয়া আপুনি হয়তো বুজিব কথাৰ প্ৰত্যুত্তৰ অলপ ভাল হব লাগে,
hmmm ummm বোৰটো গৰু ম'হেও কৰিব পাৰে নহয়...?
সেইয়ে
আপোনালোকক
বাৰম্বাৰ অনুৰোধ কৰিছো
প্লিজ প্লিজ প্লিজ ...
অনুগ্ৰহ কৰি আমাৰ আগত hmmm ummm ৰ দৰে এনে ফটা লেবেলবোৰ  নেদেখাব !!!
--প্ৰাণজিৎ বৰুৱা
৮ জানুৱাৰী ২০১৫

No comments :

Post a Comment