Wednesday, July 20, 2016

ভালপোৱা

ভালপোৱা

(১)
ডাষ্ট বিন খুচৰি পোৱা
দুখন ৰুটিৰ এখন সামৰি পুতেকে লৈ যায়,
ঘৰত বেমাৰী মাক ভোকত ,
তাকে দেখি
মাকৰ দুগালেদি
মৰম অলপ বৈ যায় ।
ভালপোৱাৰ উমত  ।

(২)
২৫ বছৰীয়া পুতেক সোনকালে শুই যায়,
৬৫ বছৰীয়া বাপেকে টোপনিৰ পৰা উঠি
দেখে
পুতেকৰ নিষ্পাপ মুখ ,
ততাতৈয়াকৈ  তেওঁ
পুতেকৰ বিচনাৰ আঠুৱা খন লগাই  যায়
উপভোগ কৰে
ভালপোৱাৰ অনাবিল সুখ ।

(৩)

গ্ৰীস্মৰ দুপৰীয়া এটাত
বৃদ্ধ ভিক্ষাৰী জন আহে ,
গিৰিহঁতক পানী এগিলাচ খুজে,
গিৰিহঁতে  শীতল চৰবত এগিলাচৰ
সতে জলপান এভাগ  আগবঢ়াই ,
ভিক্ষাৰী জনৰ মুখৰ উজ্জ্বলতাই
গৃহস্থক সুখী কৰি তোলে  ।
ভালপোৱা এনেকৈও ফুলে ।

টোকা :-

এনেকৈয়ে
ভালপোৱাই চুই যায়
প্ৰতিটো মনক প্ৰতিটো ক্ষণত ,
আৰু সৰি থাকে
নিয়ৰৰ দৰেই প্ৰতিটো প্ৰভাতত
জীৱনৰ দুবৰি বনত ।

প্ৰাণজিৎ বৰুৱা
২০/০৭/২০১৬


No comments :

Post a Comment