Friday, December 23, 2016

প্ৰাণজিৎ তোমাৰ প্ৰেমত  "

"প্ৰাণজিৎ তোমাৰ প্ৰেমত  "

যিদিনা তুমি সুখেৰে থাকা
সেইদিনা প্ৰাণজিৎ টোপনি যায়  ।

যিদিনা তুমি হাঁহি থাকা
সেইদিনা প্ৰাণজিতে সপোন দেখে  ,
এটা ধুনীয়া সপোন  ।

কিন্তু  যিদিনাই তুমি দুখী হোৱা
সেইদিনা, প্ৰাণজিৎ ক'ৰবাত হেৰাই যায় ।

নিজৰেই অগোচৰে
ক'ৰবাত নিজানত ।

এতিয়া   কথাটো গুৰুতৰ    ,

প্ৰাণজিতক শুবলৈ দিয়া ,
সপোন দেখুওৱা ,
অথবা ক'ৰবাত হেৰাই যাবলৈ দিয়া
এই সকলোবোৰ  তোমাৰ হাতত ।

তুমি  যি ভাল দেখা তাকেই কৰা,
কিন্তু অলপমান ভাবিলৈ ,

যিহেতু
দেহাটো ইয়াতে লৈ ,
মনটো তোমাৰ তাত থৈ ,

এতিয়া ,
এতিয়া যে প্ৰাণজিৎ প্ৰেমত,
প্ৰাণজিৎ তোমাৰ প্ৰেমত !!

(বি:দ্ৰ : তুমি দুখী নহ'বা কেতিয়াও,
প্ৰাণজিতে সকলো সহিব পাৰে
কিন্তু তুমি দুখী হোৱাটো  সি চাই ৰ'ব নোৱাৰে !)
✍ প্ৰাণজিৎ বৰুৱা
৭/১১/২০১৬

 


No comments :

Post a Comment