Friday, December 23, 2016

প্ৰাণজিৎ যিদিনা সুখী হৈ পৰে ...

প্ৰাণজিৎ যিদিনা সুখী হৈ পৰে ...

এই পৃথিৱীত নোপোৱাৰ গানেই
বেছিকৈ বাজি আছে,
তাৰ মাজতেই আপুনি বিচাৰি লওঁক সেইজনক ,
যি জনে প্ৰাপ্তিৰ সুবাস বিলাই  থাকে  ।
প্ৰানজিতে এনেকৈয়ে  ভাবে...

ইতিবাচক মনৰ মানুহ হেনো খুউব কম,
যদি আপোনাৰ জীৱনত তেনে কোনো আছে তেওঁক হেৰুৱাই নেপেলাব  ।

নাই, নাই, নাই কিমান আৰু ক'ব ,
মাজে মাজে পোৱা বোৰৰ কথাও আওঁৰাব ।

এই কথাটোকে মনত ৰাখি
কেতিয়াবা প্ৰানজিতেও  আঁওৰাই...
  আৰু জানে ?
সেইদিনাই  প্ৰাণজিৎ   !

প্ৰাণজিৎ  ভীষণ ইতিবাচক হৈ পৰে ,
গম নোপোৱাকৈ সি  সেইদিনা খুউব সুখী হৈ পৰে...!!

✍প্ৰাণজিৎ বৰুৱা
৭/১১/১৬


No comments :

Post a Comment