Friday, December 23, 2016

দুটা বিষ্ফোৰক

দুটা বিষ্ফোৰক
(১)গুলী...

বাছ ষ্টেন্দত ৰৈ থাকোঁতেই
চকুৰ সন্মুখেদি সেউজীয়া কুৰ্টা এযোৰ পাৰ হৈ গ'ল,
এবাৰ ,মাত্ৰ এবাৰ  চালে বেঁকাকৈ মোলৈ মূৰ তুলি
আৰু তেতিয়াই ,
কিয় নাজানোঁ  ক'ব নোৱাৰাকৈ ওলাই আহিল মুখেৰে শব্দটো ,

গুলী !

(২)ব'ম ...

ওখ হিল যোৰ পিন্ধি ,
তাই চুইফ্ট খনৰ দ্ৰাইভিং চিটৰ পৰা নামি ,
ৰাষ্টাত ভৰি দিছিল  ,
আৰু মোৰ ফালেই যেতিয়া চান গ্লাছ যোৰ খুলি হাঁহিটো মাৰিছিল ,

আস ! মই কি কম ,
মই কিবা কোৱাৰ আগেয়েই দেখোন
লগৰটোৱেই কৈ পেলাইছিল ,

ঐ চা
ব'ম হয়  ব'ম ...!

বি: দ্ৰ: দুয়োটা বিষ্ফোৰক ভয়ংকৰ সুন্দৰ আছিল,
আৰু এনেকৈ আমাৰ দৰেই বহুতো পুৰুষ বহুত বাৰ
আহত, নিহত ,হতাহত হৈছিল ❤❤❤

✍ প্ৰাণজিৎ বৰুৱা
৯৭০৬১২৯৩৬৯
৩১/১০/২০১৬


No comments :

Post a Comment